পুৰুষ হকী দলৰ পিছত মহিলা হকী দলেওঁ ছেমিফাইনেলত উপনীত

ভাৰতীয় ক্ৰীড়াত মহিলাৰ অবিশ্বাস্য উথ্থান

টকিঅ’ : টকিঅ’ অলিম্পিকত ইতিহাস ৰচিলে ভাৰতীয় মহিলা হকী দলে৷পুৰুষ দলে ৪১ বছৰ পিছত অলিম্পিকৰ ছেমিফাইনেলত পদাৰ্পণ কৰাৰ এদিন পিছত আজি যেন মহিলা হকী দলে"চক দে ইণ্ডিয়া"উপহাৰ দিলে প্ৰতিগৰাকী ভাৰতীয়ক৷শক্তিশালী প্ৰতিদণ্ডী,৪ বাৰৰ বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়া দলক ১-০ গলত পৰাভূত কৰি প্ৰথমবাৰৰ বাবে অলিম্পিকৰ ইতিহাসত ছেমিফাইনেলত প্ৰৱেশ কৰে৷ভাৰতীয় দলৰ হৈ একমাত্ৰ গ’লটো ২২ মিনিটত দিয়ে গুৰজিট কৌৰে৷অষ্ট্ৰেলিয়াই প্ৰত্যাক্ৰমণ কৰে যদিওঁ ভাৰতীয় খেলুৱৈয়ে গল কৰাৰ কোনো সুবিধাই নিদিলে৷

খেল শেষ হোৱাৰ পিছত অষ্ট্ৰেলিয়া দলৰ খেলুৱৱৈসকলক কান্দোনত ভাগি পৰা দেখা যায়৷তেওঁলোকে সপোনতো ভৱা নাছিল দুৰ্বল ভাৰতৰ লগত তেওঁলোকে পৰাজয় বৰণ কৰিব৷কিছুবছৰ পূৰ্বে শ্বাহৰূখ খান অভিনীত "চক দে ইণ্ডিয়া"ৰ যেন বাস্তৱ ৰূপান্তৰ হে খেলপথাৰত দেখিবলৈ পোৱা গ’ল আজি টকিঅ’ত৷এই বিজয়ৰ লগতে ভাৰতৰ অলিম্পিক পদকৰ সংখ্যা বঢ়াৰ আশা বঢ়াৰ লগতে সমগ্ৰ ভাৰত আনন্দত উৎসাহিত হৈ পৰে৷ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জনায় ভাৰতীয় কন্যাৰ এই সফলতাত৷