প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

newsnextone.com | ডিজিটেল ডেস্কঃ শ্ৰী ৰেড্ডীৰ কাষ্টিং কাউচ অধ্যায়ৰ পিছতে এইবাৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে টলীউড ফিল্ম ইণ্ডাষ্ট্ৰী৷ টলীউডত অভিনয়েৰে সপোন পূৰাবলৈ অহা কেইবাগৰাকীও প্ৰতিভাৱান অভিনেত্ৰী নিখোজ হোৱাৰ বাতৰিৰ পাছত টলীউড ফিল্ম ইণ্ডাষ্ট্ৰী এক ৰহস্যৰ মাজত সোমাই পৰিছিল৷ ক’ত হেৰাই যায় সুন্দৰী প্ৰতিভাৱান অভিনেত্ৰীসকল বুলি সংবাদ মাধ্যমত চৰ্চা আৰম্ভ হৈছিল৷

তামিল ছবিৰ অভিনেত্ৰীৰ ৰহস্যজনক সন্ধানহীনতাৰ পিছতে মাৰ্কিন আৰক্ষীয়ে আমেৰিকাৰ পৰা এহাল ভাৰতীয় দম্পত্তিক আটক কৰিবলৈ সক্ষম হয়৷ কেইবাখনো তেলেগু ছবিৰ প্ৰযোজনা কৰা কিষান মোডগুমুডি ওৰফে শ্ৰীৰাজ চোন্নুপাত্তি আৰু তেওঁৰ পত্নী চন্দ্ৰাক তামিল ছবিৰ অভিনেত্ৰীক আমেৰিকালৈ নি দেহ ব্যৱসায়ৰ লগত জড়িত কৰোৱাৰ অভিযোগত মাৰ্কিন আৰক্ষীয়ে আটক কৰে৷

এজন অচিনাক্ত লোকে চিকাগোৰ মাৰ্কিন জিলা আদলত দাখিল কৰা এটা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে৷ তাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই দুটি সন্তানৰ পিতৃ-মাতৃ কিষান মোডগুমুডি (৩৪) আৰু চন্দ্ৰা (৩১)ক আটক কৰে৷ 

জানিব পৰা মতে, বিগত দীৰ্ঘ সময়ৰ পৰা ভাৰতীয় দম্পত্তিহালে আমেৰিকাত অনুষ্ঠান পৰিৱেশনৰ বাবে আমন্ত্ৰণ জনোৱাৰ চলেৰে তামিল ছবিৰ প্ৰতিভাৱান আৰু সুন্দৰী অভিনেত্ৰীসকলক আমেৰিকালৈ লৈ যায়৷ তাত দম্পত্তিহালে অভিনেত্ৰীসকলক যৌন বৃত্তি গ্ৰহণ কৰিবলৈ বাধ্য কৰায়৷ তেওঁলোকৰ কথা নুশুনিলে যৌন অত্যাচাৰো চলায় অভিনেত্ৰীসকলৰ ওপৰত৷   

ইফালে, মাৰ্কিন আৰক্ষীয়ে কিষান আৰু চন্দ্ৰাৰ বাসগৃহত তালাচী চলাওতে বিভিন্ন আপত্তিজনক নথিপত্ৰ আৰু সা-সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত দম্পত্তিহালে কোন কোন অভিনেত্ৰীক কি কি কামত লিপ্ত কৰাব সেয়া লিখি ৰখা এখন ডায়েৰীও উদ্ধাৰ কৰে মাৰ্কিন আৰক্ষীয়ে৷ 

আৰক্ষীয়ে আটক কৰাৰ পিছতে দম্পত্তিহালৰ অধিবক্তাই তেওঁলকোৰ জামিনৰ বাবে আবেদন জনায় যদিও চিকাগোৰ মাৰ্কিন জিলা আদলতে আবেদন খাৰিজ কৰে৷ তেওঁলোকৰ দুই সন্তানক এটি শিশুকল্যাণ গৃহত ৰখা হৈছে বুলি জানিব পৰা গৈছে৷