newsnextone.com | ডিজিটেল ডেস্কঃ আমেৰিকাৰ আটলাণ্টাত দুৰ্বৃত্তৰ গুলীত এগৰাকী ভাৰতীয় লোক নিহত হোৱা বুলি জানিব পৰা গৈছে৷ আটলাণ্টাত থাকি ব্যৱসায় কৰা প্ৰবাসী ভাৰতীয় হৰিকৃষ্ণ মিস্ত্ৰিক গুলিয়াই হত্যা কৰে৷ হৰিকৃষ্ণ মিস্ত্ৰিৰ ঘৰ গুজৰাটৰ ভদোদৰাত বুলি জানিব পৰা গৈছে৷ ব্যৱসায় প্ৰতিষ্ঠানৰ সন্মুখতে হত্যা কৰা হয় ভাৰতীয়গৰাকীক৷ 

এগৰাকী আমেৰিকান আফ্ৰিকানে নিচেই ওচৰৰ পৰা গুলিয়াই হত্যা কৰে৷ এই লোকজনে পূৰ্বেই হৰিকৃষ্ণৰ ব্যৱসায় প্ৰতিষ্ঠানতে কাম কৰিছে৷ হত্যাৰ কাৰণ এতিয়ালৈ উদ্ধাৰ হোৱা নাই৷ দুই সন্তান আৰু পত্নী সহ আমেৰিকাত বাস কৰিছিল হৰিকৃষ্ণ মিস্ত্ৰিয়ে৷ শনিবাৰে সন্ধিয়া ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা ওলাই অহাৰ পিছতে গুলিয়াই আতৰি যায় লোকজনে৷