ডিজিটেল ডেস্কঃ ১৯৫২ চনৰ জানুৱাৰী তথা ফেব্ৰুৱাৰী মাহ ভাৰতৰ বাবে এক ঐতিহাসিক দিন৷ স্বাধীন ভাৰতৰ প্ৰথমটো নিৰ্বাচন। সমগ্ৰ দেশজুৰি পোন-প্রথম বাৰৰ বাবে অনুষ্ঠিত হৈছিল লোকসভাৰ নির্বাচন৷ সেই সময়ত হিমাচল প্রদেশৰ বহু অঞ্চল কেবাফুট বৰফে ঢাকি ৰাখিছিল।
যাৰ বাবে নির্বাচন আয়োগে ৩-৪ মাহ পুৰ্বে ভোট অনুষ্ঠিত কৰিছিল উক্ত ঠাইসমূহত। দেশৰ প্ৰথমটো নিৰ্বাচনত প্ৰথমটো ভোট দি আদৰ্শ দেখুৱাইছিল হিমাচল প্ৰদেশৰ কিন্নৌৰ চহৰৰ তেতিয়াৰ ডেকা লৰা শ্যামচৰণ নেগী আৰু পত্নী হীৰামণি নেগীয়ে।
এতিয়া তেওলোকৰ ১০১ আৰু ৯৫ বছৰ বয়স। নাগৰিক দুগৰাকীক ভোটগ্ৰহণ কেন্দ্ৰত ইয়াৰ পুৰ্বে ফুলৰ মালা, শ্বল, টুপীৰে বহুবাৰ সম্বৰ্ধনা জনাইছে যদিও এইবাৰ বিশেষ ভাবে আদৰণি জনাবলৈ প্ৰস্তুত হৈছে নিৰ্বাচন আয়োগ।
১৯৫১ চনৰ ২৫ অক্টোবৰ, হিমাচল প্রদেশতেই দেশৰ প্রথম ভোটদান হয়। দেশৰ প্ৰথমটো ভোট দিয়ে শ্যামচৰন নেগি নামৰ লোকজনে। সেই দিনাই দেশৰ প্রথম ভোটদাতা হিচাপে গৌৰৱ অৰ্জন কৰে শ্যামচৰণ নেগিয়ে। তেওঁকেই সন্মান জনাবৰ বাবে আসন্ন হিমাচল প্রদেশ বিধানসভা নির্বাচনত বিশেষ গাড়ীৰ ব্যৱস্থা কৰিছে নির্বাচন আয়োগে। শ্যামচৰণ পেচাত এগৰাকী শিক্ষক আছিল।
১৯৭৫ চনতেই অৱসৰ গ্ৰহন কৰা শ্যামচৰণৰ বয়সে ১০০ বছৰৰ দেওনা পাৰ কৰিছে৷ প্রথম নির্বাচনৰ পৰা বৰ্তমানলৈ অনুষ্ঠিত সকলো নির্বাচনতে ভোট দান কৰিছে তেওঁ।