ওৰাংঃ সমগ্ৰ বিশ্বতে নিচাজাতীয় সামগ্ৰীৰ অবাধ প্ৰচলন তথা ড্ৰাগছৰ লগতে বিভিন্ন অবৈধ সৰবৰাহে এক ভয়াৱহ ৰূপ লৈছে। বিভিন্ন সা-সামগ্ৰী আন্তৰাষ্ট্ৰীয় বজাৰত অবৈধভাৱে সৰবৰাহৰ পয়োভৰ বৃদ্ধি পাবলৈ লৈছে।

জনসাধাৰণক ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীসমূহৰ লগতে সৰবৰাহৰ বিৰুদ্ধে সজাগ কৰিবলৈ ওৰাং আৰক্ষী থানাৰ উদ্যোগত আৰু নাগৰিক সমিতিৰ সৌজন্যত আজি "আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস" পালন কৰা হয়। দিৱসৰ লগত সংগতি ৰাখি গণ মিছিলেৰে ওৰাং চাৰিআলিৰ চৌদিশ পৰিভ্ৰমণ কৰে।

ওৰাং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গগন চন্দ্ৰ নাথ, উপ-পৰিদৰ্শক মানিক বৰমুদৈ, ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পূণ্য প্ৰসাদ উপাধ্যায়, এন চি চিৰ প্ৰশিক্ষক কৌশিক বৰুৱা, ওৰাং মৌজাৰ মৌজাদাৰ ঋতুপৰ্ণ বৰুৱা, নাগৰিক সমিতিৰ সভাপতি জয়ৰাম বৰা, সম্পাদক নয়নজ্যোতি ডেকা, মুচাব্বিৰুল হক, গাঁও সুৰক্ষা সমিতিৰ অনিল পটঙ্গীয়া, গদাধৰ শৰ্মা, বিভিন্ন গাঁৱৰ গাঁও বুঢ়া সকল, বিজেপি যুৱ-মৰ্চাৰ সভাপতি কিশোৰ শৰ্মা, সম্পাদক দিব্যজ্যোতি শইকীয়া ব্যৱসায়ী সংস্থাৰ সদস্য বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অঞ্চলটোৰ পুৰুষ- মহিলা সকলে প্ৰতিবাদী গণ মিছিলটোত অংশগ্ৰহণ কৰে।

সমদলৰ অন্তত ওৰাং লক্ষ্মী মন্দিৰ প্ৰাংগণত ৰাইজক উদ্দ্যেশি বিভিন্নজনে বক্তব্য প্ৰদান কৰে।