জাজৰিঃ বটদ্ৰৱা সমষ্টিৰ কপাহেৰাৰ প্ৰবীন ৰাজ্যিক পৰ্যায়ৰ ফুটবল খেলুৱৈ, ক্ৰীড়া সংগঠক ললিত বৰা ( লালৈ ) ৰজা ঘৰৰপৰা বঞ্চিত হৈ ঘৰতে এক ৰুগীয়া জীৱন অতিবাহিত কৰাক লৈ কপাহেৰা অঞ্চলৰ সচেতন মহলে গভীৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। 

উল্লেখ্য যে, ললিত বৰা এসময়ত ডিফু ফুটবল একাদশ, কপাহেৰা বাৰোৱাৰী ফুটবল একাদশ, ন-জোৱান ফুটবল একাদশৰ নিয়মীয়া খেলুৱৈ থকাৰ লগতে অসমৰ বিভিন্ন স্থানত উজ্জীৱিত খেল প্ৰদৰ্শনেৰে সেই সময়ৰ ফুটবল প্ৰেমীৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। বৰ্তমান আশীৰ দেওনা পাৰ হোৱা এই গৰাকী প্ৰবীন খেলুৱৈ বাৰ্দ্ধক্যজনিত ৰোগত ৰুগীয়া হৈ অৰ্থৰ অভাৱত নিজা কপাহেৰাস্থিত গৃহত শৰ্যাগত আৰু নি:সংগ জীৱন কটাইছে। 

বৰ্তমান পৰিবৰ্তনকামী চৰকাৰখনে বিভিন্ন আঁচনিৰে প্ৰবীন শিল্পী, সাহিত্যিক, খেলুৱৈ সকলক আৰ্থিকভাৱে সাহাৰ্য প্ৰদান কৰিছে যদিও এইগৰাকী প্ৰবীন খেলুৱৈ সম্পূৰ্ণৰূপে ৰজাঘৰৰপৰা বঞ্চিত হোৱাত কপাহেৰাৰ সচেতন ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰিছে। মুখ্যমন্ত্রীৰ সাহাৰ্য লাভৰ পৰাও বঞ্চিত এইগৰাকী খেলুৱৈয়ে এসময়ত অসম আৰক্ষীৰ হৈও ফুটবল খেলাৰ কথা প্ৰকাশ কৰে। সেয়ে স্থানীয় বিধায়িকা আঙুৰলতা ডেকাৰ জৰিয়তে প্ৰবীন খেলুৱৈ গৰাকীক আৰ্থিকভাৱে এটি সাহাৰ্য প্ৰদান কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে।