newsnextone.com | ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পুলবামা জিলাৰ পৰিগামত সন্ত্ৰাসবাদীয়ে হনীফা মছজিদৰ ইমামক হক্যাৰ চেষ্টা চলায়৷ শুকুৰবাৰে পুৱা অজ্ঞাত সন্ত্ৰাসবাদীৰ এটা দলে ইমাম মৌলবী মহম্মদ অছফৰক হত্যাৰ চেষ্টা চলাই গুৰুতৰভাৱে আহত কৰে৷
ইফালে গুৰুতৰভাৱে আহত ইমামগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও ইমাম গৰাকীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে৷
পুলবামাৰ আৰক্ষা অধীক্ষক মহম্মদ আছলাম চৌধুৰীয়ে ঘটনাৰ তদন্ত চলাই জনায় যে সন্ত্ৰাসবাদীয়ে মৌলবীগৰাকীক হত্যাৰ অপচেষ্টা চলাই গুলিবৰ্ষণ কৰে৷ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷ সোনকালে সন্ত্ৰাসবাদী কেইজন আটক হ’ব বুলিও আশ্বাস প্ৰদান কৰে আৰক্ষীয়ে৷