internet

newsnextone.com | ডিজিটেল ডেস্কঃ অস্ত্ৰোপ্ৰচাৰ কক্ষত ডাক্তৰে অপাৰেচন কৰি থাকোতে ৰোগীৰ পেটত অস্ত্ৰোপ্ৰচাৰ কৰা সৰঞ্জাম ৰৈ যোৱাৰ দৃশ্য চাগে আপুনি কোনো চিনেমাত দেখিছে৷ চিনেমাত এনেবোৰ দৃশ্যক হাস্যৰস সমৃদ্ধ কৰি দেখুওৱা হলেও এনে এক বাস্তৱ ঘটনাই শোকৰ নিজৰা বোৱাইছে জম্মু-কাশ্মীৰত৷

অস্ত্ৰোপ্ৰচাৰ কক্ষত ডাক্তৰৰ গাফিলতিৰ চিকাৰ হৈ এগৰাকী মহিলাৰ মৃত্যু ঘটাত ইশ্বৰৰ দ্বিতীয় ৰূপ স্বৰূপ ডাক্তৰৰ প্ৰতি থকা সদভাৱ বহু খিনি হেৰুৱাই পেলাইছে জম্মু-কাশ্মীৰৰ একাংশ ৰোগীয়ে৷

জম্মু-কাশ্মীৰৰ কিচতোয়াৰ জিলাত সংঘটিত সহয় এই ঘটনা৷ জানিব পৰা মতে, যোৱা মাহত পেটত পাথৰ হোৱাত এগৰাকী ৪৮ বৰ্ষীয় মহিলা অস্ত্ৰোপ্ৰচাৰৰ বাবে হস্পিতালত ভৰ্তি হয়৷ কিন্তু অস্ত্ৰোপ্ৰচাৰ কক্ষত ডাক্তৰে অস্ত্ৰোপ্ৰচাৰ কাৰ্য সম্পন্ন কৰোতে ভুলবশতঃ অস্ত্ৰোপ্ৰচাৰত ব্যৱহৃত এখন চুৰী মহিলাগৰাকীৰ পেটত ৰৈ যায়৷ যাৰ ফলত চেপ্টিচিমিয়া ৰোগত আক্ৰান্ত হৈ মহিলাগৰাকীৰ মৃত্যু ঘটে৷

জানিব পৰা মতে,অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হোৱাৰ কিছুদিন পিছতেই মহিলা গৰাকীয়ে পুনৰ পেটত বিষ অনুভৱ কৰে৷ পুনৰ চিকিৎসালয়লৈ নি মহিলাগৰাকীৰ চিটি স্কেন কৰাত মহিলাগৰাকীৰ পেটতঅস্ত্ৰোপ্ৰচাৰত ব্যৱহৃত চুৰী এখন ৰৈ যোৱাৰ বিষয়ে জানিব পাৰে৷

আনহাতে, মহিলাগৰাকীৰ মৃত্যুৰ পিছতে চিকিৎসালখনৰ সন্মুখত মহিলাগৰাকীৰ আত্মীয়ই বিক্ষোভ প্ৰদৰ্শণ কৰে৷ মহিলাগৰাকীৰ অস্ত্ৰোপ্ৰচাৰ সম্পাদন কৰা অভিযুক্ত চিকিৎসকৰ বিৰুদ্ধে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়৷ আনহাতে, দৰিদ্ৰ পৰিয়ালৰ মহিলাগৰাকীয়ে অস্ত্ৰোপ্ৰচাৰৰ নামত নিজৰ কাণৰ কেৰু বিক্ৰি কৰিছিল বুলিও জানিবলৈ দিয়ে আত্মীয়ই৷ 

ইফালে ঘটনা সন্দৰ্ভত কোনো অভিযুক্ত প্ৰমাণিত হ’লে তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি চিকিৎসালয়খনৰ সঞ্চালকে আশ্বাস প্ৰদান কৰে৷