শিৱসাগৰঃ শিৱসাগৰ জলসিঞ্চন সংমণ্ডলৰ কৰ্মচাৰীয়ে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাত শিৱসাগৰত বৰ্তমানেও চাঞ্চল্য অব্যাহত আছে৷ উল্লেখ্য যে, কালি নিউজ নেক্সট ৱানৰ সাংবাদিকে শিৱসাগৰ জলসিঞ্চন সংমণ্ডলৰ একাংশ অভিযন্তা-কৰ্মচাৰীয়ে কৰ্তব্যত গাফিলতি তথা প্ৰায়ে কাৰ্যালয়ত উপস্থিত নথকা সন্দৰ্ভত বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল৷
ৰাইজৰ অভিযোগৰ ভিত্তিত দিনৰ এক বজাত সাংবাদিকগৰাকীয়ে কাৰ্যালয়টোত উপস্থিত হৈ বিষয়া-কৰ্মচাৰীক কিহৰ বাবে উপস্থিত নাই এই কথা জানিব খোজোঁতে দুগৰাকী কৰ্মচাৰীয়ে সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ লগতে শাৰীৰিকভাৱে অপদস্থ কৰিবলৈ উদ্যত হৈছিল৷ সাংবাদিকজন কথমপিহে কৰ্মচাৰী দুগৰাকীৰ আক্ৰমণৰ পৰা ৰক্ষা পৰে৷
জলসিঞ্চন বিভাগৰ অভিযন্তা-কৰ্মচাৰীৰ গাফিলতি তথা সাংবাদিকক আক্ৰমণ সন্দৰ্ভত বাতৰি প্ৰচাৰ হোৱাৰ পিছৰে পৰা শিৱসাগৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ এই সন্দৰ্বত আজি শিৱসাগৰ জিলাৰ আছুৰ সম্পাদক সমীৰণ ফুকনে জলসিঞ্চন বিভাগৰ কৰ্মচাৰীকেইজনৰ উক্ত কাৰ্যক তীব্ৰ গৰিহণা দিয়ে৷
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰাজেশ দাসেও অনাগত দিনত জলসিঞ্চন বিভাগৰ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা জনোৱাৰ লগতে সাংবাদিকক ভাবুকি প্রদান নকৰিবলৈ সকীয়াই দিয়ে।
শিৱসাগৰ জিলা আমছুৰ সভাপতি ফৰিদ হুছেইনেও ঘটনাটোক নিন্দা কৰি এই সন্দৰ্ভত উপায়ুক্তক স্মাৰক-পত্ৰ প্ৰদান কৰা হ’ব বুলি জনায়৷ বাতৰি সংগ্ৰহ কৰিবলৈ গ’লে যদিহে পুনৰ সাংবাদিকক দুৰ্ব্যৱহাৰ কৰে তেন্তে গণতান্ত্ৰিক আন্দোলন কৰা হ’ব বুলি সকীয়াই দিয়ে ছাত্ৰ নেতাজনে।