ডিজিটেল ডেস্কঃ সমগ্ৰ ভাৰতবৰ্ষতে নাৰী নিৰ্যাতনৰ লগে লগে ধৰ্ষণ,বলাৎকাৰৰ দৰে জঘন্য ঘৃণনীয় অপৰাধ ক্ৰমাৎ বৃদ্ধি পোৱাৰ সময়ছোৱাতে ছত্ৰিছগড়ৰ ৰায়পুৰ কেন্দ্ৰীয় বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰীয়ে ধৰ্ষণ সন্দৰ্ভত কৰা মন্তব্যই দেশজুৰি বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ উল্লেখ্য,মুকলি সাজপাৰ আৰু লিপষ্টিকে নিৰ্ভয়াৰ দৰে দলবদ্ধ ধৰ্ষণৰ ঘটনা মাতি আনে ছোৱালীয়ে৷ কো-এডুকেছন বিদ্যালয়ৰ শ্ৰেণীত উপস্থিত হৈ এই ভাষ্যৰেই শিক্ষাৰ্থীৰ উদ্দেশ্যে উপদেশ দিয়ে বিদ্যালয়খনৰ বায়োলজি বিভাগৰ শিক্ষয়িত্ৰীগৰাকীয়ে৷
ইফালে, এই বিৰ্তকিত মন্তব্যৰ বাবে শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে অভিভাবকসকলে৷ উল্লেখ্য, সোমবাৰে বিদ্যালয়খনৰ অধ্যক্ষ ভগবান দাস আহিৰক উক্ত ঘটনা সন্দৰ্ভত বিৱৰি কয় অভিভাবকসকলে৷ ইফালে, ঘটনা সন্দৰ্ভত অধ্যক্ষজনে জনায় যে, অভিযুক্ত শিক্ষয়িত্ৰী স্নেহলতা শংখৱয়াৰে শ্ৰেণীকোঠাত যি ব্যক্তব্য প্ৰদান কৰিছিল, তাৰ তীব্ৰ অস্বস্তিত পৰি তেওঁক বেনামীভাবে এখন চিঠি প্ৰেৰণ কৰিছে শিক্ষাৰ্থীয়ে৷ শিক্ষয়িত্ৰীগৰাকীয়ে‘কাউন্ছেলিং ছেছনত’ কোৱা কথা গোপনভাবে ৰেকৰ্ডিং কৰি সেই অডিও টেপ নৱম আৰু একাদশ শ্ৰেণীৰ শিক্ষাৰ্থীয়ে চিঠিৰ লগত প্ৰমাণ হিচাপে দিছে৷
পিছে ইয়াৰ পিছতো এই ঘটনাক ৰসিকতা বুলি ভাবি গুৰুত্ব দিয়া নাই বুলি জনায় অধ্যক্ষজনে৷ ছোৱালীসকলৰ জিনছ আৰু লিপষ্টিক লগোৱাক লৈ সতৰ্ক কৰি ক্লাছত অভিযুক্ত শিক্ষয়িত্ৰীগৰাকীয়ে কয় যে, ‘যিসকল ছোৱালীৰ মুখমণ্ডল আকৰ্ষণীয় নহয়, সেইসকলেই শৰীৰ প্ৰদৰ্শনত ব্যস্ত হৈ পৰে৷ বৰ্তমান ছোৱালীসকলৰ লাজ নোহোৱা হৈছে৷ কিয় নিৰ্ভয়াই ইমান নিশা এজন পুৰুষৰ লগত ওলাই গৈছিল যিজন তেওঁৰ স্বামী নহয়? ইয়াক কিয় ইমান ডাঙৰ কৈ দেখুওৱা হল সেয়া বুজা টান ৷
ভিতৰুৱা অঞ্চলসমূহত সদায় ছোৱালীসকলৰ সৈতে এইধৰনৰ ঘটনা ঘটি আহিছে৷ ইমান ৰাতি ছোৱালীক ৰাস্তাত ওলোৱাৰ অনুমতি দিয়াটো উচিত হোৱা নাই নিৰ্ভয়াৰ মাতৃৰ৷’ শিক্ষয়িত্ৰীগৰাকীয়ে বিশ্বাস কৰে যে,‘দোষটো আছিল নিৰ্ভয়াৰ, বলাৎকাৰ কৰা সকলৰ নহয়৷’ লগতে তেওঁ এই কথাও কয় যে,‘যিসকল ছোৱালীয়ে এইধৰনৰ ঘটনাৰ বলি হয়, সেইটোৱেই তেওঁলোকৰ শাস্তি’, অডিঅ ক্লিপত এই কথাৰ উপৰি তেওঁ কোৱা শুনিবলৈ পোৱা যায় যে, যিসকল ছোৱালীয়ে এজন লৰাৰ লগত ‘এইধৰনৰ কাম কৰে’ তেতিয়া অন্য ল’ৰাৰো মনত ভাব আহে যে সেই ছোৱালীৰ লগত ‘সেইসমূহ কাম কৰা যায়’৷
শিক্ষয়িত্ৰীগৰাকীয়ে কয় যে, ‘ ছোৱালীসকলে যেতিয়া দেখুৱাইছে,তেতিয়া লৰাসকলেও ভাবি লয় যে সেই ছোৱালীয়ে সেইটোৱে কৰিব বিচাৰে৷ ছোৱালীজনীৰ চলন-ফুৰন বেয়া’৷ কো-এড স্কুলত লৰাৰ লগত বহি শিক্ষয়িত্ৰীৰ এই কথা শুনি ছাত্ৰীসকলে মানসিকভাবে নিৰ্যাতনৰ বলি হোৱা বুলি অভিযোগ কৰে অভিভাবকসকলে৷ লক্ষণীয় যে,লগতে উক্ত অভিযোগ চালিজাৰি চাই ২৪ ঘন্টাৰ ভিতৰত অভিযুক্ত শিক্ষয়িত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ নিৰ্দেশ দিছে অধ্যক্ষগৰাকীক৷