newsnextone.com | ডিজিটেল ডেস্কঃ পবিত্ৰ ৰমজান মাহ চলি থকাৰ মাজতে আফগানিস্থানত বোমা বিস্ফোৰণ সংঘটিত হৈ ৭গৰাকী লোকৰ মৃত্যু হয়৷ আহত হয় ১২গৰাকী লোক৷ জানিব পৰা মতে, সোমবাৰে ৰাজাধানী কাবুলত পলিটেকনিক বিশ্বিবদ্যালয়ত মুছলিম বুদ্ধিজীৱীৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হৈ থকাৰ সময়তে সন্ত্ৰাসবাদীয়ে বোমা বিস্ফোৰণ ঘটায়৷ 

বোমা বিস্ফোৰণত থিতাতে নিহত হয় ৭ গৰাকী আৰু ১২ গৰাকী লোকক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হয়৷ সোমবাৰে কাবুলৰ বিভিন্ন প্ৰান্তৰ পৰা বিশ্বিবদ্যালয় খনত একত্ৰিত হয় বহু লোক৷ এই সভাতে সমগ্ৰ দেশত ৰক্তক্ষয়ী আক্ৰমণ কৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ফটবা জাৰি কৰা হৈছিল৷ এতিয়ালৈ আক্ৰমণৰ দায়িত্ব কোনো সংগঠনে স্বীকাৰ কৰা নাই৷