তোলন গোহাঁই, কাকপথাৰঃ কাকপথাৰ প্ৰেছ ক্লাবৰ তত্ত্বাৱধানত অহা ৭ জুলাইৰপৰা ১৬ জুলাইলৈ সাংস্কৃতিক সংঘ প্ৰেক্ষাগৃহত এখন চিত্ৰ কৰ্মশালা অনুষ্ঠিত কৰাৰ যো-জা চলোৱাৰ সময়তে উক্ত কৰ্মশালাখনিৰ প্ৰচাৰৰ বাবে বিভিন্ন স্থানত থকা বেনাৰ সমুহ ফলাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
কাকপথাৰ ডমনাবস্তিৰ ওচৰত থকা বেনাৰখন কোনো দুষ্কৃতিকাৰীয়ে ফলাৰ বাতৰি মাৰ নৌযাওতেই আকৌ সাংস্কৃতিক সংঘৰ ওচৰৰ বেনাৰখন ফলাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ দুষ্কৃতিকাৰীয়ে কৰ্মশালাখনৰ প্ৰচাৰৰ বাবে থকা বেনাৰ ফলা কাৰ্যক প্ৰেছ ক্লাৱে গৰিহণা দিয়াৰ লগতে কাকপথাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে৷
অতিসোনকালে দুষ্কৃতিকাৰীক কৰায়ত্ব কৰিবলৈ প্ৰেছ ক্লাবে আৰক্ষীক দাবী জনোৱাৰ লগতে দুষ্কৃতিকাৰীক এনেধৰণৰ সমাজবিৰুধী কাৰ্যৰপৰা বিৰত থাকিবলৈ আহ্বান জনায়৷ উল্লেখ্য যে, প্ৰেছ ক্লাবৰ চিত্ৰ কৰ্মশালাখনৰ বেনাৰৰ কাষতে দুয়োটা স্থানত অন্য সংগঠনসমুহৰ বেনাৰ লাগি আছিল যদিও দুষ্কৃতিকাৰীয়ে মাত্ৰ প্ৰেছ ক্লাবৰ বেনাৰ কেইখন ফলাৰ কাৰ্যই বিশেষ ৰহস্যৰ সৃষ্টি কৰিছে৷ এনেধৰণৰ সমাজত অশান্তি সৃষ্টি কৰিব পৰা কামৰ পৰা সকলোকে বিৰত থাকিবলৈ আহ্বান জনাইছে কাকপথাৰৰ সচেতন মহলে৷