ডিজিটেল ডেস্কঃ বিমুদ্ৰাকৰণক সমৰ্থন কৰাৰ বাবে ক্ষমা বিছাৰিলে দক্ষিনৰ চুপাৰষ্টাৰ কামল হাচানে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৬ চনৰ ৮ নৱেম্বৰত ৫০০ আৰু ১০০০ টকীয়া নোট বন্ধ কৰাৰ পিছতে চুপাৰষ্টাৰ কামল হাচানে নোট বন্ধ কৰা কাৰ্যক সমৰ্থন তথা প্ৰশংসা কৰিছিল। শেহতীয়াকৈ তামিল পত্ৰিকা 'বিকটন’ত ‘A big apology’ শীৰ্ষক লেখনি প্ৰকাশ পায়।
কমল হাচানে এই লিখনিটোত বিমুদ্ৰাকৰণক সমৰ্থন কৰাৰ বাবে ৰাইজৰ ওচৰত ক্ষমা বিচাৰে। উক্ত সময়ত বিমুদ্ৰাকৰণ সন্দৰ্ভত ধাৰণা নাছিল বুলি কয়। প্ৰথম অৱস্থাত ভাবিছিলো বিমুদ্ৰাকৰণে কলা ধনৰ সৈতে মোকাবিলা কৰিব। সেই সময়ত তেওৰ কেবাগৰাকী অৰ্থনীতিবিদ বন্ধুৱে বিমুদ্ৰাকৰণৰ সমালোচনা কৰিলেও সেই কথাক গুৰুত্ব নিদিয়া বুলি উল্লেখ কৰে হাচানে। তেও কয় "লাহে লাহে এই ভুল ভাঙিল।
এগৰাকী ভাল নেতাৰ লক্ষণ হ’ল নিজৰ ভুল স্বীকাৰ কৰা। আনকি গান্ধীয়েও ভুল স্বীকাৰ কৰিছিল। মোডীয়েও যদি বিমুদ্ৰাকৰণৰ বাবে ভুল স্বীকাৰ কৰে তেন্তে ধন্যবাদ জনাম"। চুপাৰষ্টাৰ কামালে ৰাজনীতিত অহাটো ইতিমধ্যে খাতাং হৈ পৰিছে৷ বিজেপিত যে যোগদান নকৰে সেয়াও খাতাং৷ কিন্তু তামিলনাডুৰ পৰা দুৰ্নীতি নিৰ্মুলৰ বাবে তেও ৰাজনীতিত অহাৰ কথা কেইবাবাৰো কৈ আহিছে৷