খেৰণিঃ সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই কাৰ্বি পাহাৰত আৰম্ভ হ’ল দ্বাদশ কাৰ্বি পৰিষদীয় সাধাৰণ নিৰ্বাচন। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ২৬ টা পৰিষদীয় সমষ্টিতে নিৰ্বাচনী আয়োগ আৰু প্ৰসাশনে ব্যাপক তৎপৰতাৰে চলাই গৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া৷

আজিৰ ভোটদানৰ জৰিয়তে মুঠ ৫,৯৭,৬২৮ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ১৬৬গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷ ইয়াৰে মুঠ ৩,০৬,৮০১ গৰাকী পুৰুষ ভোটাৰৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা ২,৯০,৮২৭ গৰাকী ৷

আনহাতে মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৮১৩ টাকৈ থকাৰ বিপৰীতে ইয়াৰে স্পৰ্শকাতৰ ২৬৯, অতি স্পৰ্শকাতৰ ১৭২ আৰু নিৰাপদ ৩৭২ টা ভোটগ্ৰহণ কেন্দ্ৰ অৱস্থিত। এই মুহূৰ্তলৈকো ক'তো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ বাতৰি পোৱা হোৱা নাই যদিও নেৰানেপেৰা বৰষুণৰ বাবে ভোট গ্ৰহণ প্ৰক্ৰিয়া সামান্যকৈ হ'লেও বাধাগ্ৰস্ত হৈ পৰা পৰিলক্ষিত হৈছে৷ 

এনেদৰে বৰষুণৰ বাবে কাৰ্বি পাহাৰত অতি লেহেম গতিৰে চলিছে ভোট গ্ৰহণ প্ৰক্ৰিয়া৷ ফলস্বৰূপে নেতা-কৰ্মী আৰু নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে সমগ্ৰ কাৰ্বি আংলঙতে ভোটদানৰ হাৰ পূৰ্বৰ তুলনাত হ্ৰাস পাব পাৰে বুলি শংকিত হৈ আছে। ভোটদানৰ হাৰ হ্ৰাসে নিৰ্বাচনী ফলাফলত কিছু প্ৰভাৱ পেলাব বুলি মন্তব্য কৰিছে ৰাজনৈতিক মহলে৷