ডিফুঃ কাৰ্বি স্বায়ত্ত পৰিষদ বিজেপিৰ দখললৈ যোৱাত প্ৰায় নিশ্চিত হৈ পৰিছে। কেবাটাও সমষ্টিত বিজেপিৰ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰাৰ লগতে অধিকাংশ সমষ্টিতে জয়ৰ দিশে অগ্ৰসৰ হৈছে দলটো। ইতিমধ্যে সিংহাসন, দুৱাৰ আমলা, ৰংখাং, নিলিপ আৰু লাহিন সমষ্টিত বিজেপিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সমৰ্থ হৈছে।
ইফালে, কাৰ্বি স্বায়ত্ত পৰিষদীয় নিৰ্বাচনৰ ভোট গ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন হ'লেও আজি ভোটগণনাৰ সময়ত পুৱাৰ ভাগত অগ্নিগৰ্ভা হৈ পৰে ডিফু।
চহৰখনত কাৰ্বি স্বায়ত্ত পৰিষদীয় নিৰ্বাচনৰ ভোট গণনাত প'ষ্টেল বেলট পেপাৰসহ এখন গাড়ী প্ৰৱেশ কৰাত উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়৷ কোনো নিৰাপত্তা ৰক্ষী নোহোৱাকৈ গাড়ীখন গণনা চৌহদত প্ৰৱেশ কৰিছিল৷ গাড়ীখনৰ পঞ্জীয়ন নম্বৰ হৈছে এএছ ০৯ বি ৩২৩১৷
বিজেপি গ' বেক, হিমন্ত বিশ্ব শৰ্মা, তুলিৰাম ৰংহাঙ মুৰ্দাবাদ আদি ধ্বনিৰে উত্তাল কৰি তোলে আজি পুৱা ডিফু চৰকাৰী বালক মহাবিদ্যালয়ৰ ভোট গণনা স্থলী৷ ভোট গণনাত প্ৰাৰ্থীৰ এজেণ্টসকলে অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে৷
উত্তপ্ত ৰাইজৰ পুনৰ নিৰ্বাচনৰ দাবী জনাই পৰিৱেশ উত্তাল কৰি তোলে৷ প্ৰশাসনৰ বুজনিত অধিক উত্তেজিতহে হৈ পৰে ৰাইজ৷ এনে পৰিপ্ৰেক্ষিতত ভোটগণনা যথেষ্ট বাধাপ্ৰাপ্ত আৰু লেহেমীয়া হৈ পৰে।
শেহতীয়া আপডেটঃ
♦ প'ষ্টেল বেলট পেপাৰৰ গাড়ীখনক লৈ সন্দেহ প্ৰকাশ উত্তেজিত ৰাইজৰ৷
♦ মাৰুতি ভান খনত ১০টা বেলট পেপাৰ বাকচ আছিল
♦ ক্ৰমাৎ বৃদ্বি পাইছে উত্তেজিত ৰাইজৰ বিক্ষোভ৷ বিক্ষোভৰ মাজতে ১৫ নং মহামায়া পৰিষদীয় সমষ্টিৰ প'ষ্টেল বেলটৰ ভোট গণনা আৰম্ভ৷
♦ ১৮ নং মহামায়া বেলট ভোট গণনাত কংগ্ৰেছৰ বিদ্যা সিং ইংলেং ৬টা, বিজেপিৰ লুনচিং টেৰণ ২০টা, কেএডিএফ বিদ্যা চিং ৰংপি ১৯, এইছ এছ ডিচি ধ্ৰুৱজ্যোতি ১০, অগপৰ শুকুৰ সিঙে ১টা ভোট লাভ কৰে৷
♦ উত্তেজিত ৰাইজৰ শিল গুটি নিক্ষেপ৷ আৰক্ষীৰ লাঠি চাৰ্জ,পানী বৰ্ষণ৷ আৰক্ষীৰ লোক আহত৷ আহত আৰক্ষীজনক ডিফুৰ কমল ছেত্ৰী বুলি জানিব পৰা গৈছে।
♦ সাংবাদিক সঞ্জু বৰা, মংগল সিং ক্ৰ' আৰু ৰৌশন হাঞ্চে আহত।
♦ ১৮ নংলুম্বাজং পৰিষদীয় সমষ্টিত প'ষ্টেল বেলট পেপাৰ ভোট গণনাত বিজেপিৰ ৰতন টেৰণে ১০৯টা, কে এডিএফৰ টিংক্ৰেং ৰংপিয়ে ৫২টা, কংগ্ৰেছৰ ধনচিং ক্ৰামচাই ৪৩টা, এইছ ডিচিৰ ৰবিনচন ক্ৰ'ই ৩৮টা, অগপৰ ৰাতুল টেৰণে ১৩টা, নিৰ্দলীয় ষ্টেলিন ইংতিয়ে ৪টা আৰু নিৰ্দলীয় বিৰেণ চিৰাঙে ১টা ভোট লাভ কৰে।
♦ অব্যাহত আছে বিক্ষুব্ধ ৰাইজৰ প্ৰতিবাদ৷ হিমন্ত বিশ্ব শৰ্মা গ' বেক ধ্বনি।
♦ পুনৰ ভোট গ্ৰহণৰ দাবী৷ ভোট গণনা বন্ধ কৰাৰ দাবী।
♦ উত্তেজিত ৰাইজৰ গণনা চৌহদত বল পূৰবক প্ৰৱেশৰ চেষ্টা,আৰক্ষীৰ বাধা৷ প্ৰতিবাদৰ মা জতো চলিছে ভোট গণনা।
♦ প্ৰথম ৰাউণ্ডত ২০নং সিংহাসনত বিজেপিয়ে ৩,১১১, কেএডিএফে ১১১৫, এইছ এছডিচিয়ে ১৭৩০, কংগ্ৰেছে ৬৭৮, অগপে ৫৮ আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে ৩৫ টা ভোট লাভ কৰে।
♦ ২০নং সিংহাসন সমষ্টিত বিজেপি প্ৰাৰ্থী অমৰ তিচই' ৪৮৩৬টা ভোট পাই নিকটতম প্ৰতিদ্বন্দী নিৰ্দলীয় প্ৰাৰ্থী প্ৰদীপ চিংনাৰতক ২৪০৯টা ভোটত পৰাস্ত কৰি বিজয়ী হয়৷
♦ ২৬ নং দুৱাৰবাগৰি পৰিষদীয় সমষ্টিত নিৰ্দলীয় তথা কে এ ডি এফ সমৰ্থিত প্ৰাৰ্থী ৰিচাৰ্ড টকবি বিজয়ী৷
♦ ২৫ নং নিলীপ পৰিষদীয় সমষ্টিত বিজেপি প্ৰাৰ্থী প্ৰৱিত্ৰ ৰংপি বিজয়ী।
♦ কাৰ্বি স্বায়ত্ত পৰিষদ দখলৰ দিশে বিজেপি। অধিকাংশ সমষ্টিতে আগবাঢ়িছে বিজেপি প্ৰাৰ্থী।
(আপডেট পাই থাকিবৰ বাবে এই বাতৰিৰ লিংকটো ৰিফ্ৰেছ কৰিব পাৰে।)