anitwitter
anitwitter

newsnextone.com |  ডিজিটেল ডেস্কঃ সমগ্ৰ দেশৰ দৃষ্টি এতিয়া কৰ্ণাটকৰ ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত৷ যোৱা ৩০ ঘণ্টা ধৰি চৰকাৰ গঠনৰ কুচকাৱাজে ৰাজনৈতিক পৰিৱেশ গৰম কৰিব ধৰিছে৷ ক্ষমতাৰ বাবে খোৱা-কামোৰা কৰাৰ ছবিখনে আমোদো দিছে ৰাইজক৷ ইতিমধ্যে জেডিএছ আৰু কংগ্ৰেছৰ বিধায়কে স্বাক্ষৰ কৰা আৰু কুমাৰস্বামীক নেতা নিৰ্বাচিত কৰি ৰাজ্যপালক পত্ৰ প্ৰদান কৰে৷ 

কিন্তু ক্ষমতাৰ বাবে ভাৰতীয় ৰাজনীতিত সাংসদ-বিধায়ক কিনা বেচা হোৱাৰ এক অশুভ পৰম্পাৰ যোৱা কিছু বছৰৰ পৰা গা কৰি উঠিছে৷ তেনে এক পৰিস্থিতি পুনৰ হোৱাৰ দিশে আগবাঢ়িছে কৰ্ণাটকত৷ বিজেপিক চৰকাৰ গঠন কৰিবলৈ মাথো ৮গৰাকী বিধায়কৰ প্ৰয়োজন৷ আশংকা কৰা মতে বিজেপিয়ে বিৰোধী কংগ্ৰেছ আৰু জেডিএছৰ বিধায়কক কিনি হলেও চৰকাৰ গঠন কৰিব৷ এই কথাৰ জল্পনা-কল্পনা চলি থকাৰ মাজতে বিধায়কক এশ কোটি পৰ্যন্ত টকা দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছে বুলি বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে৷

গুৰুতৰ অভিযোগ উত্থাপন কৰিছে খোদ কৰ্ণাটকৰ ৰাজপাট ভঙা-গঢ়াৰ হৰ্তা-কৰ্তাস্বৰূপ হৈ পৰা জনতা দল (চেকিউলাৰ)ৰ অধ্যক্ষ এইচ ডি কুমাৰস্বামীয়ে। জেডিএছৰ বেনাৰত জয়লাভ কৰা বিধায়কক কেন্দ্ৰীয় শাসনাধিস্থ বিজেপি দলটোৱে টকাৰে গেৰুৱাকৰণ কৰোৱাৰ চেষ্টা চলোৱা বুলি কুমাৰস্বামীৰ অভিযোগ উত্থাপন কৰাৰ পিছতে পোহৰলৈ আহিছে আন এক খবৰ

সদনত সংখ্যাগৰিষ্ঠতাক লৈ নিশ্চিত বুলি ঘোষণা কৰা কংগ্ৰেছ-জেডিএছৰ পৰিকল্পনাত আউল লগাবৰ বাবে বিজেপি দলে কূটনীতি কৰা বুলি গেৰুৱা দলটোক তীব্ৰ সমালোচনা কৰি অহাৰ মাজতে কৰ্ণাটকৰ ৰাজনৈতিক প্ৰেক্ষাপটত দেখা গৈছে নাটকীয় পৰিৱৰ্তন। 

ৰাজ্যখনৰ কংগ্ৰেছ আৰু জেডিএছৰ ৫জন নৱনিৰ্বাচিত বিধায়ক কংগ্ৰেছৰ বুধবাৰৰ গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত নথকাত কেউজন বিজেপিগামী হোৱা বুলি প্ৰচাৰ চলিছে। অৱশ্যে এই খবৰ নস্যাৎ কৰিছে কংগ্ৰেছ আৰু জেডিএছ দুয়োটা দলেই। বিভিন্ন ঠাইৰ পৰা ফ্লাইটযোগে অহা বিধায়কসকল বৈঠকত উপস্থিত হোৱাত হীন-দেৰী হোৱাটো স্বাভাৱিক আখ্যা দিছে কংগ্ৰেছী নেতা ডি কে শিৱকুমাৰে। 

উল্লেখ্য যে পুৱাৰ ভাগত অনুষ্ঠিত হ’বলগীয়া কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠকখনত নৱনিৰ্বাচিত বিধায়ক ৰাজশেখৰ পাটিল, নগেন্দ্ৰ আৰু আনন্দ সিং উপস্থিত নথকাত বৈঠকৰ সময় পিছুৱাবলগীয়া হয়। ইফালে জেডিএছৰো দুজনকৈ বিধায়ক ৰাজা ভেংকটাপ্পা নায়ক আৰু ভেংকট ৰাও নাদাগৌড়াই বেংগালুৰুৰ পঞ্চতাৰকা হোটেলত অনুষ্ঠিত হোৱা দলীয় বৈঠকত অনুপস্থিত।

কৰ্ণটক বিধানসভাৰ ১২ মে’ত অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনৰ মঙলবাৰে ফলাফল ঘোষণা কৰাৰ পিছতে এনে এক পৰিস্থিতি দেখা গৈছে কৰ্ণাটকত৷ কৰ্ণাটক বিধান সভা নিৰ্বাচনৰ ২২২ খন আসনৰ ভোটগণনা মঙলবাৰে পুৱাৰে পৰা অনুষ্ঠিত হৈ বিয়লি সমাপ্ত হয়৷ ফলাফল অনুসৰি বিজেপিয়ে ১০৪ খন আসনত জয়ী হয়৷ আনহাতে কংগ্ৰেছে ৭৮ খন আসন আৰু জেডিএছে ৩৮ খন আসন লাভ কৰে৷ ৫ বছৰৰ মূৰকত পুনৰ শাসনৰ গাদী দখল কৰিব বুলি বিজেপিক আশংকা কৰা হৈছিল যদিও বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিব নােৱাৰিলে৷

কংগ্ৰেছে বিনাচৰ্তত জেডিএছ দলক সমৰ্থন দিয়াৰ কথা ঘোষণা কৰিব লগা হৈছে৷ কংগ্ৰেছৰ সমৰ্থন গ্ৰহণ কৰি ১১ সংখ্যাক দেশৰ প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ পুত্ৰ জেডিএছৰ নেতা এতিয়া মুখ্যমন্ত্ৰীৰ পদৰ প্ৰবল দাবীদাৰ৷ কেৱল দাবীদাৰে নহয় মজবুত স্থিতিত আছে জেডিএছ দল আৰু সহযোগী কংগ্ৰেছ দল৷ এতিয়া বৃহৎ দল হোৱাৰ পিছতো সংখ্যাগৰিষ্ঠতা লাভ নকৰা বিজেপিৰ হাতত আছে ৮ বিধায়ক কম৷ ফলত কংগ্ৰেছ আৰু জেডিএছে সহজেই চৰকাৰ গঠন কৰিব পাৰিব৷