newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফলত কোনো দলেই সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নহ’ল৷ যাৰ ফলত চৰকাৰ গঠনৰ সকলো সিদ্ধান্ত ৰাজ্যখনৰ ৰাজ্যপালৰ ওচৰত ন্যস্ত হৈ পৰিছে৷ ৰাজ্যপালে কোন দলক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ কৰিব সেই লৈ জল্পনা কল্পনা চলি থকাৰ সময়তে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে চিপিএমৰ অধ্যক্ষ সীতাৰাম য়েচুৰীয়ে৷
মঙলবাৰে নিৰ্বাচনৰ ফলাফল প্ৰকাশ হোৱাৰ পিছতে সীতাৰাম য়েচুৰীয়ে কয় যে মণিপুৰ, গোৱা আৰু মেঘালয়ত চৰকাৰ গঠনৰ বাবে বৃহৎ দলক আমন্ত্ৰণ কৰা হোৱা নাছিল৷ গতিকে এই নিয়ম কৰ্ণাটকৰ গঠনতো পালন কৰিব লাগে৷
Same 'rules' followed when state govts were formed in Goa, Manipur and Bihar recently, must be followed now. Sauce for the goose must be sauce for the gander! JD(S)-Congress are together, past the majority mark & must be called to form the govt and take the floor test #Karnataka
— Sitaram Yechury (@SitaramYechury) May 15, 2018
We expect Governors to uphold the honour of the Constitutional office they hold.
— Sitaram Yechury (@SitaramYechury) May 15, 2018
BJP govt appointed Governors didn’t invite Single Largest Party in either Goa, 2017 (INC, 17 out of 40 seats), Manipur 2017 (INC 28 of 60) or Meghalaya 2018 (INC 21 out of 60). Union ministers gave arguments supporting them. The precedent is there to follow, right? #Karnataka pic.twitter.com/F4fXKxAhix
— Sitaram Yechury (@SitaramYechury) May 15, 2018
লগতে তেওঁ কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ছোনীয়া গান্ধী আৰু জেডিএছৰ অধ্যক্ষ এছডি দেৱগৌড়াক বিজেপিক হৰাবৰ বাবে সদায় একজোট হৈ থাকিবলৈ পৰামৰ্শ প্ৰদান কৰে৷ জ্যেষ্ঠ নেতাগৰাকীৰ পৰামৰ্শক সন্মান জনাই প্ৰাক্তন প্ৰধানমন্ত্ৰী দেৱগৌড়াই ধৰ্মনিৰপেক্ষ কংগ্ৰেছ-জেডিএছক মিত্ৰজোঁট কেতিয়াও নাভাঙে বুলি আশ্বাস প্ৰদান কৰে৷
আনহাতে সীতাৰাম য়েচুৰীয়ে টুইট যোগে কয় যে বিজেপিৰ দ্বাৰা নিযুক্ত ৰাজ্যপালে গোৱা, মণিপুৰ অথৱা মেঘালয়ত চৰকাৰ গঠনৰ বাবে বৃহৎ দলক আমন্ত্ৰিত নকৰিলে৷ তেওঁ কয় যে, ২০১৭ চনৰ গোৱা নিৰ্বাচনত ৪০ খন আসনৰ ভিতৰত কংগ্ৰেছে লাভ কৰিছিল ১৭ খন৷ মনিপুৰত ৬০ খনৰ ভিতৰত ২৮ খন আসনেই লাভ কৰিছিল কংগ্ৰেছে৷
আনহাতে ২০১৮ চনৰ মেঘালয়ৰ বিধানসভা নিৰ্বাচনত ৬০ খন আসনৰ ভিতৰত কংগ্ৰেছে ২১ খন আসন লাভ কৰি বৃহৎ দল হিচাপে চিহ্নিত হোৱাৰ পিছতো চৰকাৰ গঠন কৰিবলৈ অসফল হৈছিল৷ এই উদাহৰণ কৰ্ণাটকতো পালন কৰাটো প্ৰয়োজনীয় বুলি মন্তব্য কৰে সীতাৰাম য়েচুৰীয়ে৷
টুইটত সীতাৰামে বিজেপিৰ জ্যেষ্ঠ নেতা অৰুণ জেটলীৰ এটা টুইটৰ বিষয়েও উল্লেখ কৰে৷ অৰুণ জেটলীৰ টুইটত লিখিছিল যে খণ্ডিত জনাদেশৰ পৰিস্থিতিত সংখ্যাগৰিষ্ঠতা পূৰ্ণ মিত্ৰজোঁটক তেওঁলোকৰ ওচৰত চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যা গৰিষ্ঠতা আছে নে নাই সেয়া প্ৰমাণ কৰিবৰ বাবে অনুমতি দিয়া উচিত৷
য়েচুৰীয়ে বিজেপিৰ কটাক্ষ কৰি কয় যে বিজেপি নিৰ্বাচনত পৰাস্ত হোৱা আৰু চৰকাৰ গঠনৰ বাবে সিদ্ধহস্ত৷ এয়া তেওঁলোকৰ পৰিচয় প্ৰমাণ বুলিও কটাক্ষ কৰে চিপিএমৰ নেতাগৰাকীয়ে৷