newsnextone.com | ডিজিটেল ডেস্কঃ শ্ৰীনগৰত এগৰাকী কাকতৰ সম্পাদকক সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে৷ বুধবাৰে জম্মু কাশ্মীৰৰ এগৰাকী আৰক্ষী বিষয়াক সন্ত্ৰাসবাদীয়ে অপহৰণ কৰি নিয়াৰ পিছত পুনৰ সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণৰ বলি হয় সাংবাদিক৷ 

বুধবাৰে নিশা দক্ষিণ কাশ্মীৰৰ পৰা অপহৃত আৰক্ষী বিষয়াগৰাকী উদ্ধাৰ নোহোৱাৰ সময়তে পুনৰ কাকতৰ সম্পাদকক ভয়াবহ আক্ৰমণ কৰাত হস্পিতালত মৃত্যু হয় সাংবাদিকগৰাকীৰ৷ 

শ্ৰীনগৰৰ প্ৰেছ কলনিত স্থানীয় ৰাইজিং কাশ্মীৰ কাকতৰ সম্পাদক চুজাত বুখাৰীক গুলীয়াই নিৰ্বিঘ্নে আতৰি যায় সন্ত্ৰাসবাদী৷ ততাতৈয়াকৈ হস্পিতালত নিয়া যদিও চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰে৷

এটা অস্ত্ৰধাৰী দলে আক্ৰমণ কৰা বুলি জানিব পৰা গৈছে৷ ৰাইজিং কাশ্মীৰ কাকতৰ সম্পাদকগৰাকী আৰু তেওঁৰ এগৰাকী দেহৰক্ষীৰ মৃত্যু হয়৷ আন এজন দেহৰক্ষীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷ 

উল্লেখ্য যে, বুধবাৰে নিশা অপহৰণ কৰি নিয়া আৰক্ষী বিষয়াগৰাকীৰ বৰ্তমানেও কোনো সন্ধান লাভ কৰা নাই জম্মু কাশ্মীৰ আৰক্ষীয়ে৷ তাৰ মাজতে জম্মুৰ শ্ৰীনগৰত এখন স্থানীয় কাকতৰ সম্পাদকক আক্ৰমণ কৰি হত্যা কৰে৷

এই ঘটনাক গৰিহণা দিয়ে মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে৷ সন্ত্ৰাসবাদীয়ে ঈদৰ পূৰ্বে এনে কাণ্ড সংঘটিত কৰাত কঠোৰ ভাষাৰে গৰিহণা দিয়ে মেহবুবাই৷