ডিজিটেল ডেস্কঃ যোৱা ০১ এপ্ৰিলত জম্মু কাশ্মীৰৰ কেইবাটাও ঠাইত পৰ্যটকক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে৷ কাশ্মীৰ ভ্ৰমণ কৰিবলৈ যোৱা পৰ্যটকক ডাললেক আৰু অৱন্তীপোৰাত আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে৷

কিন্তু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা এই খবৰক অস্বীকাৰ কৰে কাশ্মীৰ আৰক্ষীয়ে৷ মঙলবাৰে আৰক্ষীয়ে বিবৃতি প্ৰকাশ কৰি ডাললেক আৰু অৱন্তীপোৰাত কোনো পৰ্যটকক আহত হোৱা নাই আৰু কোনো লোকে এতিয়ালৈ অভিযোগ দাখিল কৰা নাই বুলি কয়৷ 

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ মতে, ১ এপ্ৰলিত শিলাবৰ্ষণত ২ পৰ্যটক আহত হয়৷ বিয়লি পৰ্যটকক লক্ষ্য কৰি শিল নিক্ষেপ কৰে একাংশ লোকে৷ সন্ধ্য কুমাৰী আৰু মান্দানা জয়ছোৱাৰ নামৰ দুগৰাকী মহিলা পৰ্যটক আহত হয়৷ 

আৰক্ষীক অভিযোগ দাখিল কৰাৰ লগতে আহত পৰ্যটকক আৰক্ষীয়ে চিকিৎসাও কৰায়৷ এখন গাড়ীত শিলা নিক্ষেপ কৰাতহে পৰ্যটকৰ গাত লগা বুলি কয় আৰক্ষীয়ে৷