ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰৰ আৰক্ষী বিভাগৰ এজন বিষয়াই যোগ দিলে সন্ত্ৰাসবাদী সংগঠনত৷ বিষয়া জনৰ নাম ইছফাক আহমেদ ডাৰ৷ হাতত AK-47 ৰাইফল লৈ উঠা ফটো বিয়পি পৰিল ছচিয়েল মিডিয়াত৷ তেওঁ কেইবামাহো কঠুৱাৰ পুলিছ ট্ৰেনিং চেক্টৰ(PTC)ত নিয়ুক্ত হৈ আছিল৷ ছুটীত ঘৰলৈ আহি পূনৰ কিন্তু ছুটীৰ শেষ উভতি নগল কৰ্মক্ষেত্ৰলৈ৷

কাশ্মীৰ ৰেঞ্জৰ আই জি পি মুনিৰ আহমেদ খানে ইছফাকে সন্ত্ৰাসবাদী সংগঠনত যোগ দিয়া বুলি কয়৷ অৱশ্যে কোন সংগঠনক যোগ দিছে সেই বিষয়ে একো উল্লেখ নকৰিলে আই জি পি-য়ে৷ কিন্তু  ছচিয়েল মিডিয়াত বিয়পি পৰা ফটো খনে  ইছফাক লস্কৰ-ই-তৈবাত যেগদান কৰা বুলি দাবী জনায়৷

নিউজ এজেন্সিয়ে জনোৱা মতে ইতিমধ্যে যোৱা কিছুদিনত আঠ জন আৰক্ষী বিষয়াই চাকৰি ত্যাগ কৰি সন্ত্ৰাসবাদী সংগঠনত যোগ দিছে৷ উল্লেখযোগ্য যে ইছফাক আহমেদক কিছুদিন আগৰ পৰাই তেওঁৰ ধৰণ কৰণ দেখি সন্দেহৰ আৱৰ্তত ৰখা হৈছিল৷ কিন্তু যেতিয়ালৈকে সি নিজে কোনো ভুল কৰা নাছিল তেতিয়ালৈ তাৰ বিৰুদ্ধে একো ব্যৱস্থা ল’ব পৰা নাছিল আৰক্ষীয়ে৷

আই জি পি-য়ে কোৱা অনুসৰি ইছফাকে ২০১২ত আৰক্ষীত যোগ দিছিল, আৰু বৰ্তমানলৈ সকলো কাম ভালদৰেই কৰি গৈছিল৷ এতিয়া পৰিয়ালৰ লোক সকলেও নাজানে ইছফাকে গ’ল কলৈ৷ যোৱা সোমবাৰেই চাকৰিত যোগ দিবৰ বাবে ঘৰৰ পৰা উলাই অহা ইছফাকৰ বৰ্তমানলৈ একো খবৰ নোপোৱাত পৰিয়ালৰ লোকে আৰক্ষীক অৱগত কৰে৷