ডিজিটেল ডেস্কঃ দেশৰ নৈতিক চেতনা কঁপাই যোৱা কাঠুৱাৰ নৃশংস ধৰ্ষণকাণ্ডৰ বিচাৰৰ দায়িত্ব সোমবাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়খনে পাঞ্জাৱৰ পাঠানকোট আদালতৰ হাতত অৰ্পণ কৰিছে। আগন্তুক ৯ জুলাইত শুনানি হ’বলগীয়া গোচৰটোৰ প্ৰক্ৰিয়া এতিয়াৰে পৰা দৈনিক ভিত্তিত কেমেৰাৰ সমুখত হ’ব বুলি সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়ে। চিবিআই তদন্তৰ প্ৰস্তাবো আজি খাৰিজ কৰে সৰ্বোচ্চ ন্যায়ালয়ে।  

গোচৰ প্ৰক্ৰিয়া চলাবৰ বাবে জম্মু-কাশ্মীৰ চৰকাৰক চৰকাৰী অধিবক্তা নিয়োগ কৰাৰো অনুমতি প্ৰদান কৰে ন্যায়ালয়ে। তদুপৰি ভুক্তভোগীৰ পৰিয়াল, অধিবক্তা তথা সাক্ষীসকলক সুৰক্ষা প্ৰদান কৰাৰ বাবেও নিৰ্দেশ দিয়ে ন্যায়ালয়খনে। পাঠানকোটলৈ গোচৰটো স্থানান্তৰ কৰাৰ সময়ত আন বিকল্প যেনে উধমপুৰ, জম্মু, ৰামবাণ আৰু সাম্ভাৰ কথাও বিবেচনালৈ আনিছিল সৰ্বোচ্চ ন্যায়ালয়খনে। 

অৱশ্যে ৰামবাণৰ বাদে অইন এলেকাত ন্যায়বিচাৰৰ অনুকূল পৰিস্থিতি নথকাৰ শংকা ব্যক্ত কৰি ভুক্তভোগীৰ পৰিয়ালে সেই বিকল্প নাকচ কৰে। পাঠানকোট আদালতক গোচৰটো অইন চেছন আদালতলৈ ঠেলি নিদিবলৈও নিৰ্দেশ দিছে সৰ্বোচ্চ ন্যায়ালয়ে। উল্লেখ্য যে ভুক্তভোগীৰ পৰিয়ালে গোচৰটো চণ্ডীগড়লৈ স্থানান্তৰ কৰাৰ বাবে পূৰ্বে আবেদন দাখিল কৰিছিল। 

স্থানান্তৰৰ নিৰ্দেশত প্ৰতিক্ৰিয়া ব্যক্ত কৰি জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী মেহবুবা মুফটিয়ে এনেদৰে কয়ঃ