পলিমা চেতিয়া বসুমতাৰী, কাজিৰঙাঃ "ভোটিং বিহেভিয়াৰ আৰু জনগাঁথনিৰ পৰিৱৰ্তনৰ বাবেই কলিয়াবৰত মিত্ৰজোটৰ প্ৰাৰ্থীৰ পৰাজয় হ’ল৷ একেই হ’ল বৰপেটা আৰু ধুবুৰীতো৷ দেৰগাঁও, সৰুপথাৰ, খুমটাই, বোকাখাত, কলিয়াবৰত অধিক ভোট পোৱাৰ পাছতো বাকী সমষ্টিত কংগ্ৰেছে একচেটিয়াকৈ ভোট লাভ কৰিবলৈ সক্ষম হ’ল৷ যি তিনিখন আসনত অগপই প্ৰতিদ্বন্দ্বিতা কৰিছিল সেই আসন কেইখন পূৰ্বতো শাসকীয় দলৰ হাতত নাছিল৷ তথাপি জনতাৰ ৰায় আমি মানি লৈছোঁ৷"

লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত বোকাখাতত সাংবাদিকৰ আগত এই মন্তব্য কৰে অগপৰ সভাপতি তথা কেবিনেট মন্ত্ৰী অতুল বৰাই৷ বৰাই লগতে কয় যে কেন্দ্ৰত মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে৷ নিঃসন্দেহে মিত্ৰজোটৰ অংশীদাৰ হিচাপে আমিও গৌৰৱবোধ কৰোঁ৷

নৰেন্দ্ৰ মোডীৰ উন্নয়ণৰ ধাৰাৰ বাবেই পুনৰ জনতাই কেন্দ্ৰত শাসনৰ বাঘজৰী তুলি দিছে৷ অসমৰপৰা লোকসভাত অগপৰ প্ৰতিনিধি শূন্য হোৱাৰ পাছত দলে কি কৰিব বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰ দিয়াৰপৰা অতুল বৰা বিৰত থাকে৷ পোনে পোনে অতুল বৰাই বোকাখাত মণ্ডল বিজেপিৰ কাৰ্যালয়লৈ গৈ বিজেপিৰ কৰ্মীসকলক সাক্ষাৎ কৰি গুৱাহাটী অভিমুখে ৰাওনা হয়৷

কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বোকাখাত বিধান সভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী মনিমাধৱ মহন্তই ৭২,৪১৬ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ গৌৰৱ গগৈয়ে ৩০,৪১৬ টা ভোট লাভ কৰে৷ বোকাখাততেই মিত্ৰজোঁটৰ প্ৰাৰ্থী মনিমাধৱ মহন্তই সৰ্বাধিক ভোট লাভ কৰে৷