পলিমা চেতিয়া বসুমতাৰী, কাজিৰঙা

কাজিৰঙাঃ আত্মবিশ্বাসেই শক্তি আৰু এই শক্তিৰেই জয় কৰিব পাৰি জীৱন যুদ্ধৰ প্ৰতিটো স্তৰ’ এই কথাৰেই বুধবাৰে বোকাখাতত ড° বুলজিৎ বুঢ়াগোহাঁয়ে আৰম্ভ কৰিলে কেৰিয়াৰ সজাগতা সভা৷

বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বোকাখাত শাখাই কালি দিনৰ ১১ বজাৰপৰা বোকাখাতস্থিত অফিচাৰ্চ ক্লাবত বোকাখাত মহকুমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ সঠিক কেৰিয়াৰ নিৰ্বাচনৰ সুবিধাৰ অৰ্থে এখন কেৰিয়াৰ সজাগতা সভাৰ আয়োজন কৰে৷ 

উক্ত অনুষ্ঠানটিত সমল ব্যক্তি তথা মাৰ্গদৰ্শক হিচাপে উপস্থিত থাকে তেজপুৰ ডেকাৰগাঁওস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন'লজী চমুকৈ "জি আই এম টি"ৰ অধ্যক্ষ তথা ৰাজ্যখনৰ আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোহাঁই৷ বন্তি প্ৰজ্বলনেৰে এই অনুষ্ঠানটি শুভ আৰম্ভণি কৰে সন্মানীয় বাবুলাল ম’ৰে৷ 

সভাত আমন্ত্ৰিত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যাম, অতিৰিক্ত দণ্ডাধীশ ৰণনময় ভৰদ্বাজ, এবিভিপিৰ বোকাখাতৰ সভাপতি তথা প্ৰৱক্তা ড° জয়ন্ত দাস, জেডিএচজিৰ প্ৰাক্তন অধ্যক্ষ ড° বাবুলাল ম’ৰ, বিশিষ্ট লেখক তথা সাংবাদিক পলিমা চেতিয়া বসুমতাৰী, বিশিষ্ট সমাজকৰ্মী দেৱপ্ৰদীপ বৰা আৰু আকাশ ফুকন৷

বিশিষ্ট অতিথি সকলে নিজৰ নিজৰ শুভেচ্ছামূলক বক্তব্যৰ লগতে ধন্যবাদ জ্ঞাপন কৰে বোকাখাতৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এনে প্ৰশংসনীয় পদক্ষেপক৷ শুভেচ্ছামূলক বক্তব্যৰ পাছতেই ড° বুলজিৎ বুঢ়াগোহাঁয়ে প্ৰায় তিনিঘণ্টাতকৈও অধিক সময় উপস্থিত ছাত্ৰ-ছাত্ৰীসকলৰ  লগত কেৰিয়াৰ সম্পৰ্কে মত বিনিময় কৰে৷

অনুষ্ঠানটিত কেৰিয়াৰ পৰামৰ্শদাতা গৰাকীয়ে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলক কেৰিয়াৰ সম্পৰ্কীয় বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়োৱাৰ লগতে তেওঁলোকৰ বিভিন্ন প্ৰশ্নৰো সমাধান আগবঢ়াই, লগতে প্ৰতি শনিবাৰে বিয়লি ৬ বজাৰপৰা ৯ বজালৈ ফোনযোগে আগবঢ়োৱা তেওঁৰ কেৰিয়াৰ পৰামৰ্শৰ বিষয়েও অৱগত কৰে। 

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ছাত্র-ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান, বাণিজ্য শাখা বা বৃত্তিমুখী (vocational) যিকোনো শাখাতে শিক্ষা কৰি নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে ছাত্র বা ছাত্রীগৰাকীয়ে সুন্দৰ কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰিব পাৰে সেই বিষয়েও ড°  বুঢ়াগোহাঁয়ে বিশদ ব্যাখ্যা আগবঢ়ায়। 

তেখেতে প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীকে এটা নিৰ্দিষ্ট লক্ষ্য স্থিৰ কৰি সেই লক্ষ্যত আগুৱাই যোৱাৰ বাবে প্ৰস্তুতি চলাই নিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ পৰামৰ্শ দিয়াৰ লগতে সকলোকে ভৱিষ্যত জীৱনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে৷ অনুষ্ঠানটিৰ শেষত অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীৰ মাজত গছ পুলি বিতৰণ কৰা হয়৷