কাজিৰঙাঃ সাংসদ গৌৰৱ গগৈৰ চৰকাৰৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য৷ শিলাদিত্য দেৱৰ বিৰ্তকিত মন্তব্যসমূহত বৰ্তমানৰ চৰকাৰখনো জড়িত আছে বুলি তেওঁ অভিযোগ কৰে৷

সোমবাৰে কাজিৰঙালৈ যোৱা কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গগৈয়ে  সংবাদ মাধ্যমৰ আগত কয় যে অসমক অশান্ত কৰাৰ ষড়যন্ত্ আৰ এছ এছৰ নাগপুৰস্থিত মুখ্য কাৰ্যালয়ত হৈছে৷ 

ভাল দিন আহিব বুলি ঢাক-ঢোল বজাই থকা বিজেপিৰ সভাপতি ৰঞ্জিত দাসকো তেওঁ তীব্ৰ ভাষাৰে সমালোচনা কৰে৷ বৰ্তমানৰ চৰকাৰখনে উন্নয়ণৰ প্ৰতি কোনো গুৰুত্ব নিদি কেৱল জাতি-ধৰ্মক লৈ ৰাজনীতি কৰাতে ব্যস্ত আছে বুলি গগৈয়ে অভিযোগ কৰে। 

বিজেপি চৰকাৰখনৰ দিনত ৰাজ্যখনত বহু বেছি দুষ্কাৰ্য সংঘটিত হোৱা বুলিও তেওঁ দাবী কৰে। বৰ্তমান কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ কুম্ভকৰ্ণৰ নিদ্ৰাত থকাৰ বাবেই এনে দুষ্কাৰ্য ৰোধ কৰিবলৈ চৰকাৰ চৰমভাৱে ব্যৰ্থ হৈছে। 

বৰ্তমাৰ অসমৰ চৰকাৰখন আৰ এছ এছৰ ৰিমট কন্ট্ৰ’লত চলিছে বুলি তেওঁ অভিযোগ কৰে ৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈও চৰকাৰখনে দুমুখীয়া নীতি অৱলম্বন কৰিছে বুলি অভিযোগ কৰে সাংসদজনৰ৷