♦ অতুল বৰাৰ বোকাখাতত ধৰাশায়ী আঞ্চলিকতাবাদ

কাজিৰঙাঃ চোৰাং চিকাৰীক প্ৰাৰ্থিত্ব দিয়াটোৱেই যেন কাল হ'ল অসম গণ পৰিষদৰ। তদুপৰি, গৃহ সমষ্টিৰ সাধাৰণ ভোটাৰৰ কাষলৈ যাবলৈ সময় নোপোৱা অ গ প নেতৃত্বৰ চৰম উদাসীনতাৰ বাবেই স্বয়ং অ গ পৰ সভাপতি তথা কেবিনেট মন্ত্ৰী অতুল বৰাৰ সমষ্টি বোকাখাতত আঞ্চলিক দলটো বিধ্বস্ত হৈ পৰে।

নিৰ্বাচনৰ প্ৰচাৰ অভিযানত বোকাখাতত উপস্থিত হৈ হিমন্ত বিশ্বই অতুল বৰাক বি জে পিত ভোট দিবলৈ কোৱাৰ দৰেই যেন বোকাখাতৰ বেছি ভাগ ৰাইজে অ গ পৰ বিৰুদ্ধে মতদান কৰি গেৰুৱা বাহিনীক বিজয় ধ্বজ্জা উৰুৱাৰ সুযোগ দিয়ে।

উল্লেখ্য যে, বোকাখাত মহকুমাত ৪টা জিলা পৰিষদ, ২০ গাঁও পঞ্চায়ত, ২০ আঞ্চলিক পঞ্চায়ত আৰু ২০০ ৱাৰ্ড সদস্য পদৰ ২০৩ তিনিটা ভোট গ্ৰহণ কেন্দ্ৰৰ নিৰ্বাচনত সৰ্বমুঠ ১,২৮,২১০ ভোটাৰৰ বিপৰীতে ১,০০,০৭০ জনে ভোটদান কৰে। ইয়াৰে পুৰুষ ভোটাৰ আছিল ৫১,০১৭ আৰু মহিলা ভোটাৰ ৪৯,০৫৩ গৰাকী৷

৭৫৮ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ভাগ্যই যেন লগ নিদিলে অ গ প আৰু কংগ্ৰেছক। বোকাখাত বিধানসভা সমষ্টিৰ মহুৰা জিলা পৰিষদৰ অধীনৰ বিহৰা গাঁও পঞ্চায়তখন বি জে পিয়ে দখল কৰিছে। বি জে পিৰ সভাপতি আৰু আঞ্চলিক পঞ্চায়ত সদস্য পদৰ প্ৰাৰ্থী ক্ৰমে চিত্ৰা তাঁতী আৰু বিউটি কৰ্মকাৰে জয় লাভ কৰাৰ লগতে ১০টা ৱাৰ্ডৰ ভিতৰত অ গ পৰ ৬ আৰু ৪ গৰাকী ৱাৰ্ড সদস্যই জয় লাভ কৰে। বিধানসভা সমষ্টিটোৰ কাজিৰঙা জিলা পৰিষদৰ অধীনৰ পশ্চিম কাজিৰঙা গাঁও পঞ্চায়ত বি জে পি দলে দখল কৰিবলৈ সক্ষম হৈছে। বি জে পি দলৰ সভাপতি পদৰ প্ৰাৰ্থী জুৰি বৰা আৰু আঞ্চলিক পঞ্চায়ত সদস্য পদৰ মুকুল দাসে বিপুল ভোটত জয় লাভ কৰাৰ লগতে ১০ টা ৱাৰ্ডতে বি জে পিয়ে বিজয়ধ্বজ্জা উৰুৱায়।

বোকাখাতৰ মৰি ধনশিৰি পঞ্চায়তৰ পৰা অ গ প দলৰ প্ৰক্ষেপিত সভাপতি পদৰ প্ৰাৰ্থী গঁড় চিকাৰৰ অন্যতম অভিযুক্ত গণেশ দলে বি জে পি প্ৰাৰ্থী ভাইটি দলেৰ হাতত ৩৩১ টা ভোটত পৰাজিত হয়। অ গ প দলৰ প্ৰাৰ্থী গৰাকীয়ে ১,৩৯৯ ত ভোট লাভ কৰাৰ বিপৰীতে বি জে পি প্ৰাৰ্থী গৰাকীয়ে ১,৭৩০ টা ভোট লাভ কৰে। পঞ্চায়তখনৰ ১০টা ৱাৰ্ডৰ ভিতৰত বি জে পি ৭ টা, অ গ প ১ টা আৰু কংগ্ৰেছে ২ টা ৱাৰ্ড জয় লাভ কৰিবলৈ সক্ষম হয়।

ইপিনে, দুসুঁতিমুখ গাঁও পঞ্চায়ত অ গ পৰ দখললৈ যায়। গাঁও পঞ্চায়তখনত অ গ পৰ সভাপতি আৰু আঞ্চলিক পঞ্চায়ত পদৰ প্ৰাৰ্থী ক্ৰমে পুষ্প নাথ পেগু আৰু ৰূপালী মৰাঙে জয় লাভ কৰে। পঞ্চায়তখনৰ ১০ টা ৱাৰ্ডৰ অ গ প দলে ৮টা, বি জে পিয়ে ১টা আৰু কংগ্ৰেছ দলৰ এগৰাকী ৱাৰ্ড সদস্যই জয় লাভ কৰে।

ইফালে, মধ্য কাজিৰঙা গাঁও পঞ্চায়তত অ গ পই ৬ টা ৱাৰ্ড দখল কৰাৰ বিপৰীতে বি জে পিয়ে ৪ টা ৱাৰ্ড দখল কৰিবলৈ সক্ষম হয়। কিন্তু, সভাপতি পদত বি জে পিৰ প্ৰাৰ্থী দিগন্ত বৰা আৰু আঞ্চলিক পঞ্চায়ত পদৰ প্ৰাৰ্থী বি জে পিৰ ঘনশ্যাম বৰদলৈয়ে বিপুল ভোটত জয়লাভ কৰিবলৈ সক্ষম হয়।

আনহাতে, নুমলীগড় গাঁও পঞ্চায়তত বি জে পিৰ ১০ টা ৱাৰ্ড সদস্যই জয় লাভ কৰাৰ লগতে বি জে পিৰ সভাপতি আৰু আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী ক্ৰমে অনন্ত কছাৰী আৰু উৰ্মিলা মহানন্দই বিপুল ভোটত জয় লাভ কৰে। বোকাখাত পঞ্চায়তত ১০ টা ৱাৰ্ডৰ ভিতৰত বি জে পি ৭ টা, অ গ প ২ টা আৰু কংগ্ৰেছে ১ টা ৱাৰ্ড জয় লাভ কৰিবলৈ সক্ষম হয়।

সভাপতি পদত বি জে পিৰ মণিকা দত্ত বৰা আৰু আঞ্চলিক পঞ্চায়ত সদস্য দেবুৰাম ৰবিদাসে জয় লাভ কৰে। অৱশ্যে গুলুং পঞ্চায়তত অ গ প দলৰ সভাপতি পদৰ প্ৰাৰ্থী জয়ন্তী লইং বিজয়ী হয় যদিও আঞ্চলিক পদত বি জে পিৰ ববিতা পেগুয়ে জয়লাভ কৰে।

পঞ্চায়তখনত ১০ টা ৱাৰ্ডৰ ভিতৰত ৫ টা বি জে পি, ৩ টা অ গ প আৰু ২ টা ৱাৰ্ড কংগ্ৰেছে লাভ কৰে।