পলিমা চেতিয়া বসুমতাৰী, কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেদি বৈ যোৱা ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে প্ৰতি বছৰে প্ৰলয়ংকাৰী বানপানীৰ সৃষ্টি কৰাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড়, পহু, ম’হ আদি বহু সংখ্যক বন্যপ্ৰাণী মৃত্যুৰ মুখত পৰিবলগা হয়।
প্ৰতি বছৰৰ দৰে এইবাৰো ব্ৰহ্মপুত্ৰ, ধনশিৰি আদিৰ বাঢ়নী পানীয়ে ৰাষ্ট্ৰীয় উদ্যানখনত সম্ভাব্য বানপানীৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত কাজিৰঙাৰ কহঁৰাত অৱস্থিত বন বিভাগৰ শতবৰ্ষ আলোচনা গৃহত বন বিভাগৰ বিষয়া-কৰ্মী, বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন, পাৰিপাৰ্শ্বিক উন্নয়ণ সমিতি, আৰক্ষী, মহকুমা প্ৰশাসন, গাঁওবুঢ়া আদিৰ উপস্থিতিত বন্য প্ৰাণী উদ্ধাৰ আৰু সুৰক্ষা সম্পৰ্কে এক গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়া ৰোহিনী বল্লভ শইকীয়াই আঁত ধৰা এই সভাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সঞ্চালক হিচাবে নতুনকৈ যোগদান কৰা পি শিৱকুমাৰে সভাপতিত্ব কৰে৷
এই সভাত বন্যপ্ৰাণী সুৰক্ষা আৰু উদ্ধাৰৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। বন্যপ্ৰাণী উদ্ধাৰ আৰু সুৰক্ষাৰ লগতে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা, ৰাইজৰ আৰ্থ-সামাজিক উন্নয়ণ কৰা আদি বিভিন্ন আঁচনিৰে বিভিন্ন বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনে কাজিৰঙা অঞ্চলত কাম কৰি আছে। এই বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনৰ মাজত পাৰস্পৰিক সম্পৰ্ক গঢ়ি তোলাৰ লগতে ঐক্যতাৰে শৃংখলাবদ্ধভাৱে কাম কৰাত সুবিধা হোৱাকৈ আজিৰ সভাত বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনসমূহৰ এখন সমূহীয়া মঞ্চ গঠন কৰাৰ সিদ্ধান্ত লৈ ডব্লিউডব্লিউএফৰ ডঃ প্ৰৱণজ্যোতি বৰা, আৰণ্যকৰ আৰিফ হুচেইন আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়াৰ ডঃ চামচুল আলীক সঞ্চালকে দ্বায়িত্ব অৰ্পণ কৰে।
আজিৰ সভাত কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি স্বপন নাথ, ৱাইল্ড ভিউ ফাউণ্ডেশ্যনৰ নীলপদ্ম শৰ্মা, বিশ্ব প্ৰকৃতি নিধিৰ ডঃ অনুপম শৰ্মা, ত্ৰিদীপ শৰ্মা, এলবিচিএছৰ সম্পাদক দিলৱাৰ হুচেইন, আনন্দ গগৈ আদিয়ে বানপানীৰ সময়ত বন্যপ্ৰাণীৰ উদ্ধাৰ কৰাত সন্মুখীন হোৱা বিভিন্ন সমস্যা, সুৰক্ষা, ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা আদিৰ লগতে ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া গাঁৱলৈ যোৱা বাট-পথৰ মেৰামতি আদিৰ সম্পৰ্কে নিজস্ব মতামত তথা পৰামৰ্শ আগবঢ়ায়।
অন্যহাতে আজিৰ সভাত বোকাখাত মহকুমা আৰক্ষী বিষয়া কল্যাণ দাস, বোকাখাতৰ ৰাজহ চক্ৰ বিষয়া খনীন্দ্ৰ দাস, দণ্ডাধীশ শান্তনু গগৈ আদি উপস্থিত থাকি বিশেষকৈ বানপানীৰ সময়ত ৰাইজৰ সমস্যা সমাধান কৰাৰ চেষ্টা কৰাৰ লগতে ৰাইজকো আইন-শৃংখলা বজাই ৰাখি বন্যপ্ৰাণী সুৰক্ষা তথা উদ্ধাৰৰ ক্ষেত্ৰত বন বিভাগক সহযোগ আগবঢ়াবলৈ আহ্বান জনায়।
ইফালে সঞ্চালক পি শিৱকুমাৰে জানিব দিয়া মতে সম্ভাব্য বানপানীৰ সম্পৰ্কে আজি প্ৰথমলানি আলোচনা কৰা হৈছে যদিও পৰৱৰ্তী পৰ্যায়ত পৃথকে পৃথকে ৰাইজৰ সৈতে আলোচনা কৰা হ’ব বুলি জানিবলৈ দিয়ে।
পাৰিপাৰ্শ্বিক উন্নয়ণ সমিতিসমূহ (ইডিচি) পুনৰ কাৰ্যক্ষম কৰি ৰাইজক আৰ্থ-সামাজিক দিশত আগবঢ়াই নিয়াৰ ব্যৱস্থা আৰম্ভ কৰা হৈছে৷ লগতে কাজিৰঙাৰ কাষতে থকা কাৰ্বি আংলং জিলাৰ ৰাইজক লৈ নতুনকৈ ইডিচি গঠন কৰা হ’ব বুলিও সঞ্চালকে জানিবলৈ দিয়ে।
উল্লেখ্য যে ইতিমধ্যে কাজিৰঙাৰ কেইবাটাও পাৰিপাৰ্শ্বিক উন্নয়ণ সমিতি (ইডিচ)এ ৰাইজৰ আৰ্থ-সামাজিক উন্নয়ণৰ কাম কৰিবলৈ বহু লাখ টকা উদ্যান কৰ্ত্তৃপক্ষৰপৰা সংগ্ৰহ কৰাৰ পাছতো আজিলৈকে ধন ব্যয়ৰ হিচাপ দাখিল কৰিব পৰা নাই বুলি বন সংমণ্ডল বিষয়াই জানিবলৈ দিয়ে।