newsnextone.com | ডিডিটেল ডেস্কঃ কেৰেলাৰ শাসনাধিষ্ঠিত মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টী (চিপিএম)-এ হিন্দু সম্প্ৰদায়ৰ মাজত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ ৰামায়ণ মাহ পালন কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে৷ ৰামায়ণ মাহ উপলক্ষ্যে চিপিএমে সমগ্ৰ ৰাজ্যখনতে চেমিনাৰ, সন্মিলন আৰু লোকচৰ্চা আয়োজন কৰি ৰামায়ণৰ মহত্ব আৰু সামাজিক পৃষ্ঠভূমিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব৷

ইয়াৰ লগতে চিপিএমে দলৰ সৈতে সংযুক্ত মন্দিৰ প্ৰবন্ধন সমিতিৰ প্ৰতিনিধিসকলক সাক্ষাত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা বুলিও জানিব পৰা গৈছে৷ প্ৰকৃততে, কেৰেলাৰ হিন্দু সকলৰ মাজত বিজেপিৰ প্ৰভাৱ বৃদ্ধি পোৱাৰ বাবেই তাক প্ৰতিৰোধৰ কথা চিন্তা কৰি চিপিএমে নতুন ৰাজনৈতিক কৌশল অবলম্বন কৰিছে বুলি চৰ্চা চলিছে৷ 

কিন্তু গুৰুত্বপূৰ্ণ বিষয় এয়া যে, ৰামায়ণ মাহ পালন কৰাৰ বাবে প্ৰস্তুতি চলালেও চিপিএমে খোদ কোনো সন্মিলন অথৱা অনুষ্ঠানতে অংশ নলয়৷ তাৰ বিপৰীতে চিপিএমৰ সৈতে সংপৃক্ত ‘সংস্কৃত সংঘ’ নামৰ সংগঠনটোৱে ইয়াৰ আয়োজন কৰিছে বুলি জানিব পৰা গৈছে৷ 

ৰামায়ণ মাহ পালন উপলক্ষ্যে সংস্কৃত সংঘই অহা ২৫ জুলাইত আলপুজাত এখন ৰাজ্য স্তৰীয় চেমিনাৰ আয়োজিত কৰিব৷ প্ৰসিদ্ধ লেখক তথা সমালোচক সুনীল পি ইলাইদেমে এই অনুষ্ঠানৰ অধ্যক্ষতা কৰিব বুলি জানিব পৰা গৈছে৷ সংস্কৃত সংঘই ইয়াৰ উপৰিও জিলা ভিত্তিক ৰামায়ণৰ ওপৰত এক বক্তৃতা অনুষ্ঠানৰো আয়োজন কৰিব৷

উল্লেখ্য যে, চিপিএমে সদায় নিজকে ধৰ্মীয় অনুভূতিৰ পৰা দূৰত ৰাখি অহা পৰিলক্ষিত হৈছে৷ যাৰ বাবে ৰামায়ণ মাহ পালনৰ তেওঁলোকৰ সিদ্ধান্ত দলীয় নীতি আদৰ্শৰ পৰিৱৰ্তন সাধন হিচাপে ধৰা হৈছে৷ 

আনহাতে, ইয়াৰ পূৰ্বে জন্মাষ্টমীৰ সময়ত চিপিএমে কেইবাখনো ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিছিল৷ যাৰ দ্বাৰা দলে শাসকীয় নীতিত পৰিবৰ্তনৰ সংকেত দিছিল৷