newsnextone.com | ডিজিটেল ডেস্কঃ এগৰাকী মহিলাই কেচুৱাক দুগ্ধ পান কৰি থকা ফটো প্ৰকাশ কৰি বিতৰ্কত সোমাই পৰা ‘গৃহলক্ষ্মী’ পত্ৰিকাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ উচ্চ ন্যায়ালয়ে খাৰিজ কৰে৷ পত্ৰিকাৰ ২০১৮ চনৰ মালয়ালম সংস্কৰণত বেটুপাতত এগৰাকী মহিলাই দুগ্ধ পান কৰি থকা এখন ফটো প্ৰকাশ কৰিছিল৷ মালয়ালম অভিনেত্ৰী গিলু জোচেফে কেচুৱাক দুগ্ধ পান কৰি থকা দেখা গৈছিল৷ ছবিখনৰ জৰিয়তে কোৱা হৈছে ‘‘মাতৃসকল কেৰেলাক কৈ দিয়া, দুগ্ধ পান কৰাটো প্ৰয়োজনীয়৷’’ 

পত্ৰিকা প্ৰকাশ পোৱাৰ পিছতে সমগ্ৰ দেশত তীব্ৰ বিতৰ্কৰ সৃষ্টি হয়৷ ফটোৰ জৰিয়তে ধৰ্মীয়, সাম্প্ৰদায়িক অনুভূতিত আঘাত দিয়াৰ লগতে যৌনক্ষুধা বৃদ্ধি কৰিব বুলি অভিযোগ উত্থাপন হয়৷ কেৰালাৰ কল্লমৰ চিজিএম আদালতত গোচৰ ৰুজু কৰা হয়৷ অধিবক্তা বিনোদ মৈথুই মহিলাৰ গৰিমাত আঘাত কৰাৰ লগতে যৌনক্ষুধা বৃদ্ধি কৰিব বুলি অভিযোগ উত্থাপন কৰে৷

ফটোখনত অভিনেত্ৰীগৰাকীয়ে সেন্দুৰ লোৱাৰ লগতে মংগলসুত্ৰ পিন্ধাৰ বাবেও আপত্তি জনায়৷ কিয়নো অভিনেত্ৰা জোচেফ ইছাই ধৰ্মৰ লোক৷ পক্সো আইন আৰু কিশোৰ বিচাৰ আইনৰ ধাৰা ৪৫, অশ্লীল কাৰ্যৰ বাবে ১৯৮৬ অধিনত গোচৰ ৰুজু হয়৷ কিন্তু তিনিমাহৰ অন্তত এই গোচৰ খাৰিজ কৰে উচ্চ ন্যায়ালয়ে৷ 

মুখ্য ন্যায়াধীশ অণ্টনি ডমনিক আৰু ন্যায়াধীশ দামা শশীন্দ্ৰ নাইডুৰ আদালতে ভাৰতীয় কলাই সদায় মানুহৰ শৰীৰৰ সুন্দৰতাক প্ৰদৰ্শন কৰি আহিছে বুলি কয়৷ লাগিলে সেয়া কামসুত্ৰ হওক নতুবা ৰাজা ৰবি বৰ্মাৰ পেইণ্টিং নতুবা অজন্তাৰ মূৰ্তিয়ে হওক৷ পূৰ্বৰ ভাৰতীয় বেছি বুজি পাইছিল৷ আমি এই বেটুপাতত এনে কোনো কথা কাৰণ দেখা নাই যাৰ তাৰ মহিলা আৰু পুৰুষ আক্ৰমণাত্মক হ’ব পাৰে বুলি কয় আদালতে৷