newsnextoe.com ।। কাজিৰঙাঃ কেৰালাৰ ভয়াবহ বানত নিখোজ হৈছে বোকাখাতৰ এজন চফল ডেকা। যুৱকজনৰ নাম বিনোদ চেত্ৰী বুলি জানিব পৰা গৈছে। বোকাখাতৰ কান্ধুলিমাৰী গাঁৱৰ বিনোদ চেত্ৰী নামৰ এই যুৱকজনে নিজৰ পৰিয়ালটোক পোহপাল দিয়াৰ উদ্দেশ্যৰে কেৰালাত কাম কৰিবলৈ বুলি ওলাই গৈছিল আজিৰ পৰা তিনি মাহৰ পূৰ্বে।

কেৰালাত কৰ্মৰত হৈ থকা অৱস্থাত ফোন যোগে পৰিয়ালৰ সৈতে নিয়মিতভাৱে যোগাযোগ ৰাখিছিল বিনোদে ৷ আনহাতে, দৰিদ্ৰ পিতৃ-মাতৃৰ যাৱতীয় সকলোধৰণৰ খা-খৰচৰ বাবে  কেৰালাত ৰাজমিস্ত্ৰি কৰি পোৱা ধন বিগত সময়ত পিতৃ-মাতৃলৈ প্ৰেৰণ কৰি আহিছিল। যোৱা সময়বোৰত সকলো সুকলমে পাৰ হৈ আহিছিল পৰিয়ালটোৰ। কিন্তু হঠাৎ  এই সহজ-সৰল দৰিদ্ৰ পৰিয়ালটিলৈ নামি আহিল ঘোৰ অমানিশা ৷ কেৰালাৰ ভয়াবহ বানত নিখোজ হৈ পৰিল দৰিদ্ৰ পৰিয়ালটিৰ আশা ভৰষা থল বিনোদ ৷

বোকাখাতৰ এই দৰিদ্ৰ পিতৃ-মাতৃ তথা পৰিয়ালবৰ্গই বিনোদলৈ ফোন যোগে বহুবাৰ যোগাযোগ কৰে যদিও বিনোদৰ ম'বাইল ফোন কেৱল চুইট্‌ছ অফ হে পালে পৰিয়ালটোৱে। দৰিদ্ৰ পৰিয়ালটোৱে প্ৰশাসনৰ ওচৰত বাৰাম্বাৰ পুত্ৰৰ যিকোনো প্ৰকাৰে সন্ধান উলিয়াই দিবলৈ আবেদন কৰা স্বত্বেও কোনো এটা পক্ষৰে পৰা একো সদুত্তৰ নাপালে এই দুৰ্ভগীয়া পৰিয়ালটোৱে। অৱশেষত দুৰ্ভগীয়া পৰিয়ালটো কাষ চাপিল সংবাদ মাধ্যমৰ।

বৃহস্পতিবাৰে পুৱাই নিউজ নেক্সট ৱানৰ সাংবাদিক বোকাখাতৰ উক্ত ভিতৰুৱা কান্ধুলিমাৰী নামৰ গাঁওখনত উপস্থিত হ’ল। দুৰ্ভগীয়া পৰিয়ালটোৰ দুখ-দুৰ্দশাৰ সকলো কথা বিৱৰি কলে সাংবাদিকৰ আগত। কেৰালাত নিখোজ হোৱা পুত্ৰ সোনকালেই কুশলে আহিব-আহিব বুলি এতিয়াও আশাৰে দুৰ্ভগীয়া এই পিতৃ-মাতৃয়ে পুত্ৰৰ ফটো বুকুত সাৱটি লৈ  প্ৰতিটো ক্ষণ আগ্ৰহেৰে অপেক্ষা কৰি আছে ৷

 সকলোৰে আশা শত বিপদকো অতিক্ৰম কৰি কেৰালাত নিখোজ হোৱা অসম সন্তান বিনোদ ঘূৰি আহিব আকৌ সেই দুৰ্ভগীয়া পিতৃ-মাতৃৰ কাষলৈ,নিজৰ চেনেহৰ আপোন ঘৰখনলৈ ৷ সাংবাদিকৰ সন্মুখত হুকহুকাই কান্দি পিতৃ-মাতৃ তথা পৰিয়ালে পুত্ৰৰ সন্ধান উলিয়াই দিবলৈ ৰাজ্য চৰকাৰৰ পৰা সহায়ৰ হাত বিচৰাৰ দৃশ্য অতি বেদনাদায়ক৷ বিনোদৰ সন্ধানৰ ক্ষেত্ৰত অসম চৰকাৰে দুৰ্ভগীয়া এই পৰিয়ালটিলৈ সকলো ধৰণেৰে সহযোগিতা আগবঢ়াব বুলি আশা প্ৰকাশ কৰে সচেতন ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে ৷