গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ মাজ মজিয়াৰ খানাপাৰাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ CBIৰ এটি দলে অভিযান চলোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে চৰকাৰে প্ৰতিবছৰে বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আৱন্টন দিয়া ধনৰ হিচাপ নিদিয়াৰ লগতে এগৰাকী ঠিকাদাৰৰ পৰা উৎকোচ বিছাৰিছিল বিদ্যালয়ৰ অধ্যক্ষ ৰাজেশ ধাৱানে ৷
ঠিকাদাৰগৰাকীয়ে উৎকোচ বিচৰাৰ অভিযোগ দিছিল CBIক৷ জানিব পৰা মতে, বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰতিবছৰে ৪০ লাখ টকা আৱন্টন দিয়ে চৰকাৰে৷ ২০১৬-১৭ বৰ্ষতো এই ধনৰ আৱন্টন দিছিল চৰকাৰে৷ কিন্তু বিগত বৰ্ষত আৱন্টন দিয়া টকাৰ কোনো হিচাপ দিয়া নাছিল অধ্যক্ষ ৰাজেশ ধাৱানে৷
কোনো হিচাপ দাখিল কৰিব নোৱাৰাৰ লগতে বিদ্যালয়ত কাম কৰি থকা এগৰাকী ঠিকাদাৰৰ পৰা উৎকোচ বিচাৰিছিল অধ্যক্ষ ৰাজেশে৷ বিদ্যালয় ৰং কৰা, বিদ্যুতৰ মেৰামতিৰ কাম লাভ কৰিছিল ঠিকাদাৰগৰাকীয়ে৷ ঠিকাদাৰগৰাকীৰ পৰা ৩০ হাজাৰ টকা উৎকোচ বিচাৰিছিল অধ্যক্ষজনে।
কিন্তু ঠিকাদাৰজনে উৎকোচ দিয়াৰ পৰিবৰ্তে CBIক অভিযোগ দিছিল। অভিযোগৰ ভিত্তিতে মঙলবাৰে CBI-এ অভিযান চলায়৷ ১১ জনীয়া CBIৰ দলে বৰ্তমান অধ্যক্ষজনৰ কাৰ্যালয়ত জেৰা অব্যাহত ৰাখিছে৷ উল্লেখ্য যে, ২০১৫ চনত অধ্যক্ষ হিচাপে যোগদানৰ পিছৰে পৰা তেওঁৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈ আহিছিল।