গুৱাহাটীঃ সোমবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সন্দৰ্ভত অসমৰ দল-সংগঠনে নিজ নিজ মতামত তথা সাক্ষ্য প্ৰকাশ কৰিব৷ গুৱাহাটী মহানগৰীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে সাক্ষ্যদান প্ৰক্ৰিয়া৷ 

সোমবাৰে পুৱাই অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাৰ নেতৃত্বত যুটীয়া সংসদীয় সমিতিৰ দল গুৱাহাটীত উপস্থিত হৈ পোনে পোনে খানাপাৰালৈ আহে৷ অসমৰ ৪ সাংসদ সহ যুটীয়া সংসদীয় সমিতিৰ ১৬জনীয়া দলটোৱে পৰ্যায়ক্ৰমে অসমৰ প্ৰতিটো দল-সংগঠনৰ সাক্ষ্য গ্ৰহণ কৰিব৷ ইতিমধ্যে অসম গণ পৰিষদ, আছু, কৃষক মুক্তি সংগ্ৰাম সমিতি আদি দল-সংগঠনে খানাপাৰত উপস্থিত হৈছে৷ 

অসমৰ সাংসদ তথা যুটীয়া সংসদীয় সমিতিৰ সদস্য কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভানেত্ৰী সুস্মিতা দেৱ, ভুৱনেশ্বৰ কলিতা, কামাখ্যা প্ৰসাদ তাছা, ৰমেন ডেকাও দলটোৰ সৈতে উপস্থিত হয়৷ পুৱাই খানাপাৰত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু প্ৰাক্তন মন্ত্ৰী বিৰাজ শৰ্মাই৷ দুয়োগৰাকী অসম চুক্তিৰ স্বাক্ষৰকাৰী দুয়োজনেই প্ৰথমে সাক্ষ্যদান কৰিব বুলি জানিব পৰা গৈছে৷

নাগৰিকত্ব সংশোধনী বিধায়ক ২০১৬ বাতিল কৰাৰ দাবীত ৰাজ্যত প্ৰতিক্ৰিয়া-প্ৰতিবাদ অব্যাহত আছে৷ কেন্দ্ৰীয় চৰকাৰে অসমত অবৈধ হিন্দু নাগৰিকক সংস্থাপন কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে ৰাজ্যজুৰি দল-সংগঠনে প্ৰতিবাদী কাৰ্যসূচী পালন কৰি চৰকাৰক সকিয়নী দি কোনো কাৰণত অসমক বিদেশীৰ চৰণীয়া পথাৰ হ’বলৈ এৰি দিয়া নহ’ব বুলি কৈ আহিছে৷ 

অসমীয়া জাতিক অস্বিত্বৰ সংকটত পেলাই বিজেপি নেতৃত্বৰ কেন্দ্ৰ ৰাজ্য চৰকাৰে অসমত ধৰ্মৰ ভিত্তিত হিন্দু বাংলাদেশীক সংস্থাপন কৰিব বিচৰা কাণ্ডৰ বিৰুদ্ধে আন্দোলন অব্যাহত থাকিব বুলি কৈ আহিছে বিভিন্ন সংগঠনে৷ ইফালে অসমৰ কেইটামান সংগঠনক দিল্লীলৈ মাতি নি যোৱা ১৭ এপ্ৰিলত যুটীয়া সংসদীয় সমিতিয়ে বিশেষ বৈঠক অনুষ্ঠিত কৰাত ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ দিল্লীৰ সংসদ ভৱনত অনুষ্ঠিত বৈঠকত ৰাজ্যৰ ১৬টা সংগঠনে অংশ লৈছিল৷

ৰঙালী বিহু চলি থকাৰ সময়তে এই বৈঠক অনুষ্ঠিত কৰাৰ লগতে অসমৰ পৰিৱৰ্তে দিল্লীত বৈঠক অনুষ্ঠিত কৰাত সোচ্চাৰ হৈ পৰিছিল একাংশ দল-সংগঠন, বিশিষ্ট বুদ্ধিজীৱী, জ্যেষ্ঠ নাগৰিক৷

কেন্দ্ৰীয় চৰকাৰে অসমত বিদেশী সংস্থাপন কৰিব বিচৰা কাৰ্যৰ বিৰোধিতা কৰাৰ লগতে যুটীয়া সংসদীয় সমিতিক অসমলৈ আহি অসমীয়াৰ মত গ্ৰহণ কৰাৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷

ইয়াৰ পিছতেই অসমত উপস্থিত হৈ অসমীয়াৰ মত গ্ৰহণ কৰিবলৈ ৭ মে’ত যুটীয় সংসদীয় সমিতিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালা সহ যুটীয় সংসদীয় সমিতিৰ দল অসমলৈ আহিব৷

অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাৰ নেতৃত্বত অসমলৈ আহিবলগীয়া যুটীয়া সংসদীয় সমিতিৰ দলটোৱে শিলচৰ আৰু গুৱাহাটীত বিভিন্ন দল-সংগঠনৰ সৈতে আলোচনাত মিলিত হ’ব৷ 
 
দলটোৱে ৮ মে’ত শিলচৰত, ৯ মে’ত দলটোৱে গুৱাহাটীত বিভিন্ন দল-সংগঠনৰ সাক্ষ্য গ্ৰহণ কৰিব৷ আনহাতে ১০ আৰু ১১ মে’ত সংসদীয় সমিতিৰ দলটোৱে শ্বিলঙত উপস্থিত থাকিব৷