খাৰুপেটীয়াঃ আপোনাৰ কষ্টোপাৰ্জিত টকাবোৰ বেংকত জমা ৰাখি নিশ্চিত ভাৱে বহি আছে নেকি? বেংকত টকা ৰখাটো নিৰাপদ বুলি ভাৱিয়েই কষ্টোপাৰ্জিত টকাখিনি মহিলা এগৰাকীয়ে বেংকত জমা ৰাখে যদিও বেংকত টকা জমা ৰাখি নিজৰ একাউন্টৰপৰা লক্ষাধিক টকা হৰলুকি হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
জানিব পৰা মতে যোৱা জানুৱাৰী মাহত দলগাঁৱৰ ক্ষমা শইকীয়া নামৰ মহিলা গৰাকীৰ দলগাঁও ভাৰতীয় ষ্টেট বেংকৰ 35059731580 নং একাউন্টত ১,১০,২৪৪ টকা আছিল৷ মহিলা গৰাকীয়ে যোৱা ১৪ ফেব্ৰুৱাৰীত বেংকৰপৰা নিজে ৫ হাজাৰ টকা উলিয়াই নিয়াৰ পিছত দুদিন পূৰ্বে বেংকৰ বহীখন খাৰুপেটীয়াত থকা ভাৰতীয় ষ্টেট বেংকত আপটুডেট কৰাই অনাৰ পিছত নিজৰ একাউন্টৰপৰা লক্ষাধিক টকা হৰলুকী হোৱা দেখি হতভম্ব হৈ পৰে৷
কোনো দুষ্টচক্ৰই বিভিন্ন ব্যক্তিৰ নামত টকা উঠাই লোৱা বুলি প্ৰত্যক্ষ কৰি তৎক্ষণাত দলগাঁও স্থিত ভাৰতীয় ষ্টেট বেংকৰ শাখাত বেংকটোৰ প্ৰৱন্ধক গৰাকীক অৱগত কৰে যদিও প্ৰৱন্ধকগৰাকীয়ে মহিলা গৰাকীক এই ক্ষেত্ৰত কোনো সহায় নকৰি ওলোটাই আৰক্ষীৰ ওচৰতহে যাবলৈ পৰামৰ্শ দিয়ে৷ যাৰ ফলত অসহায় মহিলাগৰাকীয়ে দলগাঁও আৰক্ষীৰ কাষ চাপে৷
উল্লেখ্য যে, দলগাঁৱত থকা ভাৰতীয় ষ্টেট বেংকৰ শাখাটোত পাছবুক আপডেট মেচিন নথকাৰ বাবে গ্ৰাহক সকলে খাৰুপেটীয়া বা কৌপাটী শাখালৈ গৈ পাছবুক আপটুডেট কৰিবলগীয়া হয়৷ পাছ বুকৰ তথ্য মতে ১০/১/১৯ তাৰিখে মহিলা গৰাকীৰ একাউন্টৰপৰা ফনিধৰ নাথৰ নামত দুবাৰত ৪০ হেজাৰ টকা, নুৰুল হকৰ নামত ২০, নকুল ভৌমিকৰ নামত ২০ হেজাৰ টকা আৰু বিভিন্ন ব্যক্তিৰ নামত মহিলাগৰাকীৰ একাউন্টৰপৰা মুঠ এক লাখ দহ হেজাৰ টকা নোহোৱা হয়৷
টকাবোৰ হৰলুকী হোৱাৰ পিছত মহিলাগৰাকীয়ে দলগাঁও থানাত দিয়া অভিযোগৰ পিছত আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে৷ এতিয়া কথা হ'ল সাধাৰণ ব্যক্তিসকলে এনেধৰণৰ ৰাষ্ট্ৰীয়কৃত বেংকত টকা জমা ৰাখি ভৱিষ্যতলৈ কিমান নিশ্চিন্ত মনে থাকিব পাৰিব সেয়াহে চিন্তনীয় বিষয়৷ আনফালে, বৰ্তমান বেংকসমূহত ডিজিটেল ব্যৱস্থাৰ ফলত এচাম ধূৰন্ধৰ লোকৰ কবলত পৰি দুৰ্ভোগ ভুগিবলগীয়া হৈছে এনেধৰণৰ সাধাৰণ মহিলাসকলে৷