♦ ইত্তেহাদ ফ্ৰন্ট অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক নুৰ ইছলামৰ বিস্ফোৰক অভিযোগ

ফখৰুল ইছলাম, খাৰুপেটীয়াঃ উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰি দিয়া নিয়মাৱলী (SOP)ক অংগুষ্ঠ প্ৰদৰ্শন কৰি NRC কৰ্তৃপক্ষই ভুৱা আপত্তি গ্ৰহণ কৰি প্ৰমাণ কৰিছে যে সেই ভুৱা আপত্তিবোৰ NRC কৰ্তৃপক্ষৰ ছত্ৰছায়াতেই দাখিল হৈছে। SOP বহিৰ্ভূত আপত্তি আবেদনসমূহ খাৰিজ হ’ব লাগিছিল যদিও তাকে নকৰি প্ৰতীক হাজেলাই নিৰীহ দুখীয়া লোকক অযথা হাৰাশাস্তি কৰি নিজৰ পক্ষপাতমূলক স্বৰূপ উদঙাই দিছে।

ইত্তেহাদ ফ্ৰন্টে সেই সময়তে কৈছিল যি সময়ত NRCৰ দাবী, আপত্তি প্ৰক্ৰিয়াৰ শেষ নিশাত প্ৰায় তিনি লাখ ARNৰ বিৰুদ্ধে আপত্তি দৰ্শোৱা হৈছিল, সেই সময়তেই ইত্তেহাদ ফ্ৰণ্টে কৈছিল যে যদি শুদ্ধ NRC প্ৰস্তুত কৰাৰ বাবে আপত্তি দৰ্শোৱা হৈছে, তেনেহ'লে আমি সমৰ্থন কৰোঁ আৰু যদি কেৱল সংখ্যালঘু লোকক হাৰাশাস্তি কৰাৰ উদ্দেশ্যে আপত্তি দৰ্শোৱা হৈছে, এয়া কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে।

সেইটো NRC কৰ্তৃপক্ষই সুক্ষ্মভাৱে চালি-জাৰি চাই ভুৱা আপত্তিসমূহ খাৰিজ কৰাৰ লগতে ভুৱা আপত্তিকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিলোঁ। কিন্তু অতি ৰহস্যজনকভাৱে NRC কৃৰ্তপক্ষই উচ্চতম ন্যায়ালয়ক অন্ধকাৰত ৰাখি ভুৱা তথা আবেনকাৰীৰ ঠিকনা অসম্পূৰ্ণভাৱে উল্লেখ কৰা আবেদনকাৰীৰপৰা আপত্তি গ্ৰহণ কৰি প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি চলোৱাৰ ষড়যন্ত্ৰ চলোৱা পৰিলক্ষিত হৈছে।

ইতিমধ্যে কেইবাজনো আপত্তিকাৰী DRCRলৈ আপত্তি উঠাই লোৱাৰ বাবে জনোৱা আবেদন সংগঠনটোৰ হাতত মজুত আছে বুলি জনাইছে। আনহাতে আৰ্ছদ মাদানী গোটৰ জমিয়তৰ দৰঙৰ সভাপতি আব্দুল মজিদেও এই সন্দৰ্ভত বিহীত ব্যৱস্থা ল’বলৈ প্ৰতীক হাজেলাক দাবী জনায়|

উল্লেখ্য যে ইয়াৰ পূৰ্বে ইত্তেহাদ ফ্ৰন্টে NRC কৰ্তৃপক্ষক দাবী জনাইছিল যে অতি ভুৱা আপত্তিসমূহ খাৰিজ কৰাৰ লগতে ইতিমধ্যে আপত্তি নিষ্পত্তি বাবে হৈ থকা শুনানিসমূহত কোনো এজন আপত্তিকাৰী শুনানিত উপস্থিত থকা পৰিলক্ষিত হোৱা নাই।

এই ক্ষেত্ৰত শুনানি সম্পূৰ্ণ হোৱা আপত্তিসমূহ খাৰিজ কৰা দাবী জনাইছিল সংগঠনটোৱে। যি সকল দল-সংগঠনে NRCত বাধা প্ৰদান কৰাৰ উদ্দেশ্যে অশিক্ষিত তথা নিৰিহক অজ্ঞাত লোকৰদ্বাৰা আপত্তি দৰ্শোৱাই প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি তথা সংখ্যালঘু লোকৰ সাংবিধানিক অধিকাৰ, মানৱ অধিকাৰ খৰ্ব কৰাৰ চেষ্টা চলাইছে, সেইসকলৰ বিৰুদ্ধে নাগৰিকত্ব আইন 1955ৰ ধাৰা 17 মতে কঠোৰ শাস্তি প্ৰদানৰ লগতে একে নিশাত বৃহৎ সংখ্যক ARN কোনে যোগান ধৰিছিল আৰু সম্পূৰ্ণ ঠিকনা উল্লেখ নকৰা আপত্তিসমূহ গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ক অৱমাননা কৰা আদি বিষয়ৰ ওপৰত ন্যায়িক তদন্তৰ দাবী জনাইছে সংগঠনটোৱে৷

অন্যথা সংগঠনটোৱে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি জমিয়তৰ লগতে ইত্তেহাদ ফ্ৰন্ট অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক নুৰ ইছলাম, উপ-সভাপতি ৰুবুল আলীয়ে সাংবাদিকক জানিবলৈ দিয়ে|