খাৰুপেটীয়াঃ ১৯৪৭ চনৰ ২১ এপ্ৰিলত স্বাধীন ভাৰতৰ তদানীন্তন গৃহমন্ত্ৰী লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলে ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰথমটো বেটছক সম্বোধন কৰি প্ৰশাসনিক সেৱাৰ বিষয়াসকলক লৌহ গঠনৰ দৰে শক্তিশালী বুলি মত পোষণ কৰিছিল৷
সেই অনুসৰি প্ৰতি বছৰে ২১ এপ্ৰিলৰ দিনটো সমগ্ৰ দেশতে অসামৰিক সেৱা দিৱস হিচাপে পালন কৰি অহা হৈছে৷ তদুপলক্ষে দৰং জিলা প্ৰশাসনৰ উদ্যোগত দেওবাৰে জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অসামৰিক সেৱা দিৱস পালন কৰা হয়৷
এই দিৱস উপলক্ষে আয়োজিত সভাত জিলা উপায়ুক্ত ঘনশ্যাম দাসে অসামৰিক সেৱা দিৱসৰ তাৎপৰ্য বাখ্যা কৰাৰ লগতে বিষয়া কৰ্মচাৰী সকলক শুভেচ্ছা জ্ঞাপন কৰে৷ জনসাধাৰণৰ স্বাৰ্থক সদায় অগ্ৰাধিকাৰ প্ৰদান কৰি সেৱা আগবঢ়াবলৈ সদায় সষ্টম হৈ থাকিবলৈ বিষয়া-কৰ্মচাৰীসকলৰ প্ৰতি আহ্বান জনায় উপায়ুক্ত গৰাকীয়ে৷
ৰাজহ চক্ৰ বিষয়া সংগীতা বৰঠাকুৰে অসামৰিক সেৱাৰ বিষয়া কৰ্মচাৰীসকলক 'ষ্টিল ফ্ৰেম অব ইণ্ডিয়া' বুলি অবিহিত কৰা চৰ্দাৰ বল্লভ ভাই পেটেলৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ জনগণৰ সেৱাৰ হকে নিজকে নিয়োজিত কৰিবলৈ আহ্বান জনায়৷
এই সভাতে জিলাখনৰ বিভিন্ন বিভাগত কৰ্মৰত হৰা চন্দ্ৰ শৰ্মা, বক্তাৰ আলী, মুনীন্দ্ৰ নাৰায়ণ কোঁৱৰ, যতীন্দ্ৰ মোহন নাথ, বক্সী গোলাম মহম্মদ, কৰবী হাজৰিকা, মদন বনিয়া, দিলীপ ছেত্ৰী, চাফাই কৰ্মী অজয় বাচফোৰ, প্ৰদীপ বাচফোৰ আদিকে ধৰি ৫৬ গৰাকী বিষয়া-কৰ্মচাৰীক তেওঁলোকে আগবঢ়োৱা সেৱাৰ স্বীকৃতি স্বৰূপে গামোচা আৰু মান-পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷
সভাত প্ৰশাসনিক বিষয়া ক্ৰমে দিপশিখা শইকীয়া, নয়নমণি পাঠক, হেমাশ্ৰী খনিকৰ আৰ মনিকা বৰগোহাঁইৰ লগতে বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে৷