♦ কথমপি প্ৰাণ ৰক্ষা চালক-হেণ্ডিমেনৰ

কনক দেউৰী, খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ খেৰণি থানা অধীনৰ জেংখা পুলিচ পেট্ৰল আউট পোষ্টৰ অন্তৰ্গত কলঙা মেনমেজি সংযোগী পথৰ বাঁহৰ দলঙৰ ওপৰত নিশা আবদ্ধ হৈ ৰ'ল এখন চাউলভৰ্তি ট্ৰাক।

কথমপি প্ৰাণ ৰক্ষা ট্ৰাকখনৰ চালক-হেণ্ডিমেনৰ। নিশা হোজাই এফচিআইৰপৰা খাদ্য সুৰক্ষা আঁচনিৰ চাউল আনি থকা অৱস্থাত পশ্চিম কাৰ্বি আংলঙৰ মেনমেজিত আবদ্ধ হৈ পৰিছিল চাউলভৰ্তি গাড়ীখন৷ 

বৰ্তমান পৰ্যন্ত বাঁহৰ দলঙৰ ওপৰতেই আবদ্ধ হৈ আছে এএছ০৯এ১৫৮১ নম্বৰৰ চাউলভৰ্তি ট্ৰাকখন৷ উল্লেখযোগ্য যে দুৰ্ঘটনাটোৰপৰা কথমপি আৰু সৌভাগ্যক্ৰমেহে প্ৰাণ ৰক্ষা পৰে গাড়ীচালকজনৰ লগতে হেণ্ডিমেনজনৰ। 

জানিব পৰা মতে উল্লিখিত ট্ৰাকখনে নিশা মেনমেজি বহুমুখী সমবায় সমিতিখনলৈ বুলি কঢ়িয়াই আনি আছিল খাদ্য সুৰক্ষা আঁচনিৰ অধীনৰ ২০০ বস্তা চাউল৷ কিন্তু গুৰুত্ত্বপূৰ্ণ কথা যে নিশাৰ ভাগত এনেদৰে খাদ্য সুৰক্ষা আঁচনিৰ চাউল সৰবৰাহ কৰা কাৰ্যত ইতিমধ্যে এক সন্দেহ প্ৰকাশ কৰিছে বৃহত্তৰ মেনমেজি অঞ্চলৰ একাংশ লোকে আৰু কি কাৰণত প্ৰকৃততে মেনমেজি বহুমুখী সমবায় সমিতিখনে এনেদৰেই নিশা চাউল কঢ়িয়াব লগা হৈছে তাক লৈয়ো ব্যাপক প্ৰশ্ন উত্থাপিত হৈছে বৃহত্তৰ অঞ্চলটোত।