খৈৰাবাৰীঃ জাতি, মাটি আৰু ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে ৰাজ্যৰ শাসনত বহা বিজেপি চৰকাৰে উন্নয়নৰ শ্ল’গান দি আহিছে যদিও ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে ওদালগুৰি জিলাৰ বিভিন্ন অঞ্চলত এতিয়াও উন্নয়ন কেৱল শ্ল’গানতে সীমাবদ্ধ হৈ থকা পৰিলক্ষিত হৈছে। হাগ্ৰামা মহিলাৰীৰ ১৫ বছৰীয়া মডেল বি টি চিৰ উন্নয়নেও স্পৰ্শ কৰিব পৰা নাই বি টি এ ডিৰ ওদালগুৰি জিলাৰ কেতবোৰ অঞ্চল। 

ইয়াৰে ব্যতিক্ৰম নহয় ওদালগুৰি জিলাৰ হৰিশিঙা ৰাজহ চক্ৰৰ অন্তৰ্গত পানেৰী বিধান সভা সমষ্টি আৰু বি টি চিৰ খালিংদুৱাৰ সমষ্টিৰ বৃহত্তৰ খৈৰাবাৰী অঞ্চলৰ লগতে ১০ খন গাঁও। শতকৰা ৯৯ শতাংশ কৃষিজীৱী লোকে বাস কৰা ১ নম্বৰ, ২ নম্বৰ, ৩ নম্বৰ খৈৰাবাৰী গাঁও, পুৰণি টংলা গাঁও, টংলা গাওঁ, হাবি গাঁও, দুলীয়া পাৰা গাঁও, বুঢ়া গোঁসাই থান আৰু পশ্চিম নলবাৰী গাঁৱৰ ৰাইজ এতিয়া বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত। 

উক্ত দহখন গাঁৱৰ ৰাইজে আনহে নালাগে পথাৰত ধান খেতি কৰিবলৈ নাই জলসিঞ্চন ব্যৱস্থা। জলসিঞ্চন ব্যৱস্থা সুবিধা নাপাই বছৰ বছৰ ধৰি ধান খেতিৰ বাবে কেৱল বৰষুণৰ পানীকে নিৰ্ভৰ কৰিবলগীয়া হৈ আহিছে। আনহাতে, উক্ত দহখন গাঁৱৰ খেতি পথাৰত পানী অহা একমাত্ৰ নোনাই ঝৰ্নাটোত এটা বান্ধ নথকাৰ বাবে উক্ত ১০ খন গাঁৱৰ পথাৰত বাৰিষা কালত খেতিৰ বাবে পানীৰ হাহাকাৰ সৃষ্টি হয়। 

তাৰোপৰি কিছু বছৰ পূৰ্বে পূব খৈৰাবাৰীত তীব্ৰ গৰাখহনীয়া সৃষ্টি হোৱাত খেতিয়ক ৰাইজে পানীৰ বাবে সমস্যাত ভুগিবলগীয়া হৈছে। উপায়ন্তৰ হৈ দেওবাৰে উক্ত দহখন গাঁৱৰে প্ৰায় ডেৰ শতাধিক লোকে হাতে হাতে দা কোৰ লৈ বস্তাত মাটি ভৰাই ১ নম্বৰ খৈৰাবাৰীৰ নোনাই ঝৰ্ণাত কেঁচা বান্ধ নিৰ্মাণ কৰে। দেওবাৰে পুৱাৰে পৰা উক্ত কৃষক ৰাইজে চৰকাৰী আঁচনিৰ আশা নকৰি নিজে হাতে কামে লাগি কেঁচা বান্ধটো নিৰ্মাণ কৰে। ইয়াৰোপৰি যোৱা শুকুৰবাৰে কৃষক ৰাইজে পূব খৈৰাবাৰীত ৰাইজৰ জমা ধনেৰে জে চি বি ব্যবহাৰ কৰি উক্ত গৰাখহানীয়া ৰোধৰ ব্যৱস্থা কৰে। জানিব পৰা মতে ইতিমধ্যে ৰাইজৰ প্ৰতিনিধি কেইবাবাৰো টংলাস্থিত জলসিঞ্চন সংমণ্ডল কাৰ্যালয়লৈ আহি তেওঁ লোকৰ সমস্যা সমাধান সম্পৰ্কত আলোচনা কৰি বিভাগীয়ভাৱে কোনো সঁহাৰি লাভ নকৰাত অৱশেষত গাঁৱৰ কৃষক ৰাইজে নিজৰ সমস্যা নিজে সমাধান কৰিবলৈ বাধ্য হয় বুলি জানিবলৈ দিয়ে।