প্ৰতিকি ফটো
প্ৰতিকি ফটো

গুৱাহাটীঃ সোমবাৰে দিনৰ প্ৰায় ১১.৩০ বজাত গুৱাহাটী মহানগৰীৰ মাজ মজিয়াৰ পৰা এটি ৫ বছৰীয়া শিশুক অপহৰণ হোৱাৰ ঘটনাৰ চাঞ্চল্য অব্যাহত থকাৰ সময়তে আৰক্ষীয়ে প্ৰায় ১০ ঘন্টীয়া অভিযানৰ অন্তত শিশুটোক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ গুৱাহাটী মহানগৰ আৰক্ষীয়ে প্ৰায় ১০ ঘন্টীয়া অভিযানৰ অন্তত মহানগৰীৰ ফটাশীল আমবাৰীৰ ভাস্কৰ নগৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় শিশুটোক৷

জানিব পৰা মতে, মানভিক নামৰ ৫ বছৰীয়া শিশুটোক সোমবাৰে পৰিয়ালৰ লোকে খ্ৰীষ্টান বস্তীৰ kidveda স্কুলত থৈ আহে৷ তাৰ মাজতে প্ৰায় ১১.৩০ বজাত বিদ্যালয় খনত এগৰাকী লোক উপস্থিত হৈ মানভিৰ পৰিয়ালৰ লোক বুলি চিনাকি দিয়ে৷ শিশুটোক নগাঁৱৰ আলহীৰ ঘৰলৈ নিব লাগে বুলি স্কুলৰ পৰা লৈ আহে৷ লোকগৰাকীয়ে শিশুটোক বিদ্যালয়ৰ পৰা লৈ অহাৰ পিছতে মাতৃ বিদ্যালয়ত উপস্থিত হয়৷

মাতৃয়ে মানভিক বিচাৰ-খোচাৰ কৰাত বিদ্যালয় কৰ্তৃপক্ষই মানভিক কোনো লোকে লৈ যোৱা বুলি কয়৷ তাৰ পিছতে বিদ্যালয় খনত হুৱাদুৱা লাগে৷ বিদ্যালয় কৰ্তৃপক্ষই ততাতৈয়াকৈ আৰক্ষীৰ খবৰ দিয়ে৷ আৰক্ষীয়ে বিদ্যালয়ত সোধ-পোছ কৰি অভিযান আৰম্ভ কৰে৷

তাৰ পিছতে এখন বাইকত বহুৱাই শিশুটোক ফটাশিল অভিমুখে নিয়া বুলি অৱগত হয় আৰক্ষীয়ে৷ অভিযানৰ অন্তত নিশা প্ৰায় ৯.৩০ বজাত ফটাশীল আমবাৰিত এঘৰ লোকৰ ঘৰত উদ্ধাৰ কৰিবলৈ সক্ষম হয় শিশুটোক৷ শিশুটোক উদ্ধাৰ কৰাৰ লগে লগে তিনি জনকৈ লোকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷

জানিব পৰা মতে, মানভিকৰ পিতৃৰ ব্যৱসায় প্ৰতিষ্ঠানত পূৰ্বে কাম কৰা কেবল ম’ৰ ওৰফে গুল্লু, দীপক বিশ্বাস আৰু কেবল ম’ৰৰ পত্নী ৰিংকি বনিয়াক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। আৰক্ষীয়ে আটক কৰা কেবল ম’ৰ ওৰফে গুল্লুৰ স্বীকাৰোক্তিৰ ভিত্তিতে শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

 

পূৰ্বৰ কৰ্মচাৰীগৰাকীয়ে প্ৰায় ৬মাহ পূৰ্বে আৰ্থিক খেলিমেলি কৰি কামৰ পৰা ওলাই গৈছিল৷ টকাৰ বাবে নে আন কোনো কাৰণত শিশুটোক অপহৰণ কৰিছিল সেই কথা এতিয়াও স্পষ্ট হোৱা নাই৷

গুৱাহাটী মহানগৰ আৰক্ষীয়ে যোৱা কেইবাটাও ঘটনাত সফলতা লাভ কৰিছে৷ গুৱাহাটী মহানগৰীৰ মাজ মাজিয়াত ৪ ডিচেম্বৰত শ্বেতা হত্যাকাণ্ডই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল যদিও মহানগৰ আৰক্ষীয়ে অতি কম সময়ৰ ভিতৰতে হত্যাকাৰী প্ৰেমিক গোৱিন্দ সিংহানীয়াক আটক কৰিবলৈ সক্ষম হৈছিল৷

আনহাতে, যোৱা ১৩ জানুৱাৰী তথা উৰুকাৰ নিশা বেলতলা স্থিত ভিনিহিয়েকৰ ঘৰৰ পৰা ভোজ-ভাত খাই উভতি অহাৰ পথত প্ৰায় ১২-৩০ বজাত জয়ানগৰ চাৰিআলিত এখন ট্ৰাক আৰু ইন'ভা চালকৰ মাজত পাৰ্কিঙক লৈ বাক-বিতণ্ডা চলি থকাত কাৰ্যত মাত দিয়াৰ বাবে ভূপিন্দৰ সিঙ নামৰ লোকগৰাকীক খুন্দিয়াই হত্যা কৰিছিল ইন’ভা চালকে৷ এই ঘটনা সন্দৰ্ভতো নহানগৰ আৰক্ষীয়ে সফলতা লাভ কৰি চালৰ পৰাগক আটক কৰিবলৈ সক্ষম হয়৷ যাৰ বাবে মহানগৰ আৰক্ষী তথা আৰক্ষী আয়ুক্ত হীৰেন নাথক ৰাইজে শলাগ লয়৷