newsnextone.com | ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰ আৰক্ষীৰ এগৰাকী বিষয়াক সন্ত্ৰাসবাদীয়ে অপহৰণ কৰাৰ খবৰ আহিছে৷ বুধবাৰে নিশা দক্ষিণ কাশ্মীৰৰ পৰা অপহৰণ কৰে আৰক্ষী বিষয়াগৰাকীক৷ এতিয়ালৈ আৰক্ষী বিষয়াগৰাকীৰ কোনো সন্ধান লাভ কৰা নাই জম্মু কাশ্মীৰ আৰক্ষীয়ে৷
কাশ্মীৰৰ পুলৱামাৰ এছঅ’জিত কৰ্মৰত আছিল বিষয়াগৰাকী৷ বুধবাৰে সন্ধিয়া পুলৱামাৰ নাওঁপাৰাস্থিত নিজ ঘৰলৈ গৈ থকাৰ সময়ত ঘৰৰ পোৱাৰ কিছু নিলগৰ পৰা অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত সন্ত্ৰাসবাদীৰ দল এটাই উঠাই নিয়ে বিষয়াগৰাকীক৷ সমগ্ৰ পুলৱামা এলেকাত হাই এলাৰ্ট জাৰি কৰা হৈছে৷ সেনা, অৰ্ধসামৰিক বাহিনীৰ ব্যাপক অভিযান চলিছে সমগ্ৰ এলেকাত৷ নিশাৰ এন্ধাৰতো চলিছে অভিযান৷