ডিজিটেল ডেস্কঃ ভুল ভিডিঅ’ টুইট কৰি বিপদত পৰিল পণ্ডিচেৰীৰ (পুডুচেৰী) ৰাজ্যপাল কিৰণ বেদী৷ দীপাৱলীৰ আনন্দ উল্লাহৰ মাজতে বেদীয়ে এটি টুইট কৰি এগৰাকী বৃদ্ধাই নৃত্য কৰি থকা দেখা যায়।
বৃদ্ধাগৰাকীক বেদীয়ে প্ৰধানমন্ত্ৰীৰ মাতৃ হীৰাবেন বুলি কৈ নিজ ঘৰত দীপাৱলী পালন কৰা বুলি কয়৷ দীপাৱলীৰ আনন্দত নৃত্য কৰি থকা বৃদ্ধাগৰাকীয়ে গুজৰাটী গানৰ তালত নাচিবলৈ চেষ্টা কৰে৷ দীপাৱলীৰ উৎসাহ বঢ়োৱাৰ বাবে বেদীয়ে কৰা টুইট কিছুসময় পিছতে ভাইৰেল হৈ পৰে৷ কিয়নো বৃদ্ধগৰাকী নৰেন্দ্ৰ মোডীৰ মাতৃ নাছিল৷
তাৰ পিছতে অস্বস্তিত পৰে কিৰণ বেদী৷ আইপিএছ গৰাকীয়ে নেটিজনৰ আক্ৰমণৰ সন্মুখীন হয়৷ কিছু সময় পিছতে বেদীয়ে ভুল স্বীকাৰ কৰে যদিও ৩ হাজাৰ ৰি-টুইট হয় টুইটো৷