গুৱাহাটীঃ ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীত সোমবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ সন্দৰ্ভত অসমৰ দল-সংগঠনে নিজ নিজ মতামত তথা সাক্ষ্য প্ৰকাশ কৰিব৷ মহানগৰীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে সাক্ষ্যদান প্ৰক্ৰিয়া৷ পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হৈছে সাক্ষ্য দান৷

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা কৃষক নেতা অখিল গগৈয়ে সাক্ষ্য প্ৰদান কৰিব আহি নাম নোলোৱাকৈ একাংশ জাতীয় সংগঠনক তীব্ৰ আক্ৰমণ কৰে৷ সাক্ষ্য প্ৰদান কৰিব নহা জাতীয় সংগঠনক জাতিদ্ৰোহী আখ্যা দিয়ে৷ 

তাৰ লগে লগে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰায় ২০০০ সদস্যই যুটীয়া সংসদীয় সমিতিক স্মৰাক পত্ৰ প্ৰদান কৰিব বুলি জানিব পৰা গৈছে৷ দেওবাৰেই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিভিন্ন জিলা সমিতিৰ নেতা-কৰ্মী ৰেল যোগে আহি গুৱাহাটীত উপস্থিত হৈছে৷ সোমবাৰে পুৱাই খানাপাৰাত উপস্থিত হৈ পৰ্যায়ক্ৰমে স্মাৰক সমূহ সংসদীয় যুটীয়া সমিতিৰ হাতত প্ৰদান কৰিব সংগঠনটোৱে৷

সোমবাৰে পুৱাই অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাৰ নেতৃত্বত যুটীয়া সংসদীয় সমিতিৰ দল খানাপাৰালৈ আহে৷ অসমৰ ৪ সাংসদ সহ যুটীয়া সংসদীয় সমিতিৰ ১৬জনীয়া দলটোৱে পৰ্যায়ক্ৰমে অসমৰ প্ৰতিটো দল-সংগঠনৰ সাক্ষ্য গ্ৰহণ কৰিব৷ ইতিমধ্যে অসম গণ পৰিষদ, আছু, কৃষক মুক্তি সংগ্ৰাম সমিতি আদি দল-সংগঠনে খানাপাৰত উপস্থিত হৈছে৷