গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে শুকুৰবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত গুৱাহাটীত একত্ৰিত হ’ব অসমৰ প্ৰায় সমূহ জাতীয়-জনগোষ্ঠীয় সংগঠন৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আহ্বান মৰ্মে অসমৰ প্ৰায় কেইটা জাতীয়-জনগোষ্ঠীয় সংগঠন একত্ৰিত হ’বলৈ মত প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে৷ 

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতলিৰ বাবে ঐক্যবদ্ধ সংগ্ৰামৰ প্ৰচেষ্টাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ আৰু ৰণনীতি সাজু কৰিবলৈ শুকুৰবাৰে কৃষক মুক্তিৰ নেতৃত্বত অনুষ্ঠিত হ’ব এখন বিশেষ সভা৷ অসম ৰাজ্যিক সংগ্ৰাহলয়ৰ কলকলাল বৰুৱা প্ৰেক্ষাগৃহত বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত হ’ব সভাখন৷ কৃষক মুক্তিয়ে এই সভাৰ নেতৃত্ব লৈ ইতিমধ্যে অসমৰ প্ৰায় সংখ্যাক দল-সংগঠনক পত্ৰ প্ৰেৰণ কৰা বুলি কয়৷ 

কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসমৰ সংকটৰ মুহূৰ্তত সকলোৱে লগ লগাটো অতিব প্ৰয়োজন বুলি কয়৷ যুটীয়া সংসদীয় সমিতি দ্বিতীয় বাৰৰ বাবে অসম ভ্ৰমণ কৰাৰ সময়ত যথাযোগ্য আৰু যথেষ্ট পৰিমাণৰ প্ৰতিনিধিত্ব নিশ্চিত কৰিবলৈ সকলোৱে একত্ৰিত হোৱাটো আৰু উদ্যোগ গ্ৰহণ কৰি জণগনক সমবেত কৰিব পৰাকৈ ৰূপ ৰেখা তৈয়াৰ কৰাটো সময়ৰ আহ্বান বুলি কয় কৃষক মুক্তিয়ে৷ 

শুকুৰবাৰৰ সভাত অসমৰ বুদ্ধিজীৱী, ছাত্ৰ সংগঠন, কৃষক সংগঠন, মহিলা সংগঠন, জ্যেষ্ঠ নাগৰিক, ৰাজ্যৰ বহু জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ নেতৃত্ব অনুষ্ঠিত থাকিব বুলি জানিব পৰা যায়৷