কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰৰ মাজ মজিয়াৰ ৰে'লৱে ষ্টেচনৰ সমীপতে ৰে'লৱেৰ মাটি বেদখল কৰি থকা ৩৮ টা খিলঞ্জীয়া পৰিয়ালক আজি জিলা প্ৰশাসনৰ সহযোগত ৰে'ল বিভাগে উচ্ছেদ কৰে। আজি পুৱাৰে পৰা আৰম্ভ হোৱা কিনকিনীয়া বৰষুণৰ মাজতে ৰে'লৱে কৰ্তৃপক্ষই আৰপিএফ , চিআৰপিএফ আৰু অসম আৰক্ষীৰ বৃহৎ দল লৈ দণ্ডাধীশৰ উপস্থিতিত ৩৮ টা পৰিয়ালক উচ্ছেদ অভিযান চলোৱাৰ লগে লগেই উচ্ছেদিত পৰিয়ালৰ মাজত হাহাকাৰ লাগে আৰু কান্দোনৰ ৰোল উঠে।

বছৰৰ পিছত বছৰ ধৰি ৰে'লৱেৰ মাটি বেদখল কৰি বসৱাস কৰি থকা পৰিয়ালসমূহক উচ্ছেদ কৰাৰ সময়ত বেদখলকাৰীসকলে সংশ্লিষ্ট  কৰ্তৃপক্ষক বৰষুণৰ বাবে আজিৰ দিনটো ৰেহাই দিবলৈ অনুৰোধ কৰিছিল যদিও সেয়া মানি নোলোৱাত শিশু মহিলা সহিতে গৃহহীন লোকসকল চৰম দূৰ্যোগৰ সন্মুখীন হয়। 

একাংশ উচ্ছেদিত পৰিয়ালৰ সদস্যই সদৰী কৰা মতে তেওঁলোক জন্মৰ পৰাই ৰে'লৱেৰ মাটিতে ডাঙৰ দীঘল হৈছে আৰু তাৰ বাহিৰে আন কতো মাটি এটুকুৰাও নাই। চৰকাৰে দুখীয়া লোকসকলকহে উচ্ছেদ কৰে বুলি মন্তব্যৰে দেশৰ নাগৰিক হিচাপে থাকিবলৈ মাটি এটুকুৰাৰ ব্যৱস্থা কৰিবলৈ উচ্ছেদিত পৰিয়ালসমূহে আহ্বান জনাইছে ।

ইপিনে ৰে'ল বিভাগৰ সহকাৰী মাণ্ডলিক প্ৰৱন্ধক আৰ. পি. গগৈয়ে সদৰী কৰা মতে সৰ্বমুঠ ৩৮ টা পৰিয়ালক ৰে'ল বিভাগৰ মাটি এৰিবলৈ কেবাবাৰো জাননী দিয়া হৈছিল। জাননী পোৱা সত্বেও বেদখলকাৰী পৰিয়ালসমূহে ৰে'ল বিভাগৰ মাটি এৰি নিদিয়াত আজি বিভাগীয় নিয়মানুসৰি বেদখলকাৰীক উচ্ছেদিত কৰা হয় বুলি সহকাৰী মাণ্ডলিক প্ৰৱন্ধক আৰ. পি. গগৈয়ে জনায়।

উল্লেখ্য যে আজি উচ্ছেদকাৰ্য চলোৱা স্থানতে অৰ্থাৎ ৰে'ল বিভাগৰ মাটিতে এটি আটকধুনীয়া শিৱ মন্দিৰ আৰু এখন প্ৰাথমিক বিদ্যালয় আছে যদিও তাত উচ্ছেদ কাৰ্যৰ হাতুৰীৰ কোব নপৰিল। আনহাতে, বিদ্যালয়ত পাঠদান চলি থকা অৱস্থাতে আৰু কণ কণ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ সন্মুখতে ৰে'লৱে কৰ্তৃপক্ষই বিশাল নিৰাপত্তা বাহিনীৰ সহযোগত আজি উচ্ছেদ কাৰ্য চলোৱাৰ ফলত কণ কণ ছাত্ৰী-ছাত্ৰীসকল ভীতিগ্ৰস্ত হৈ পৰে ।