জিয়াউল আলী, লখিমপুৰঃ লখিমপুৰ ফুলবাৰীত মৃত্যু যন্ত্ৰণাত ছটফটাইছে এটা বনৰীয়া হাতীয়ে৷ মঙলবাৰে এটা দুৰ্ঘটনাগ্ৰস্ত বনৰীয়া হাতীয়ে নিশা খাদ্যৰ সন্ধানত ওলাই আহি অসম-অৰুণাচল সীমান্তৰ লখিমপুৰ ফুলবাৰীৰ ২ নং হাতীয়েমৰা গাঁৱৰ পুখুৰীত সোমাই মৃত্যু যন্ত্ৰণাত ছটফটাই আছে হাটীটোৱে৷
 
পূৰ্বতে গুলীবিদ্ধ হোৱা বুলি সন্দেহ কৰা হাতীটো ২ নং হাতীয়েমৰাৰ যাদৱ বৰা নামৰ লোকজনৰ বাৰীৰ পুখুৰীত সোমাই পৰিছে।

স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক বহু পলমকৈ যায় আৰু হাতীটোক খাদ্য আৰু চিকিৎসাৰ ব্যৱস্থা কৰে।

প্ৰায়ে এই অঞ্চলত হাতীয়ে উপদ্ৰৱ চলায়। বন বিভাগৰ লোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।