কোকৰাঝাৰঃ প্ৰকৃতি আৰু প্ৰাকৃতিক ভাৰসাম্যহীনতাৰ বাবেই যেন ৰুষ্ট হৈ পৰিছে প্ৰকৃতি । প্ৰতিদিনে ধুমুহা গাজনিৰে অহা বৰষুণে কোকৰাঝাৰত এক তিক্ততাময় পৰিৱেশৰ সৃষ্টি কৰাৰ সময়তে আজি বিজুলী ঢেৰেকনিৰ ফলত এগৰাকী খেতিয়কৰ মৃত্যু হয়।
পথাৰত হাল বাই থাকোতেই কৰুণ মৃত্যুক আঁকোৱালি লোৱা খেতিয়কগৰাকীল জিলাখনৰ গোসাঁইগাঁও মহকুমাৰ ২নং জলেশ্বৰীৰ বিনয় নাৰ্জাৰী(৪০) বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত বাতৰি মতে আজি পুৱা ৬ মান বজাত বিনয় নাৰ্জাৰীয়ে পথাৰত হাল বাই থাকোতেই বিজুলী ঢেৰেকনিৰে প্ৰবল বৃষ্টিপাত আৰম্ভ হয়। তেনে সময়তে হঠাতে প্ৰচণ্ড শব্দৰে বজ্ৰ পৰাত বিনয় নাৰ্জাৰীৰ ঘটনাস্থলীতে মৃত্যু হয়।
খেতিয়ক বিনয় নাৰ্জাৰীয়ে ইহজগতত পত্নী আৰুনি নাৰ্জাৰী কন্যা ভনিতা নাৰ্জাৰী(১৬) আৰু দুই শিশু ক্ৰমে আম্বেদকাৰ নাৰ্জাৰী আৰু কল্পনা নাৰ্জাৰী (৪)ক এৰি থৈ যায়। খেতিয়কগৰাকীৰ অকাল মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।