ডিফুঃ ডিফুৰ পানবাৰীত ৮ বছৰীয়া এটি শিশুৰ সলিল সমাধি ঘটে। দুপৰীয়া ১২ মান বজাত ডিফু থানাৰ অন্তৰ্গত পানবাৰীৰ ছামিৰ আলি নামৰ শিশুটোৱে দুজন সমনীয়াৰ সৈতে এটি নিজৰাত গা ধুবলৈ গৈছিল।

গা ধুবলৈ বুলি পানীত নামোতেই চাকনৈয়াত পৰি শিশুটি উটি যায়। বহু বিচাৰ-খোচাৰ কৰাৰ পিছত ঘটনাস্থলীৰ পৰা প্ৰায় ১ কিলোমিটাৰ নিলগত শিশুটিৰ মৃতদেহ উদ্ধাৰ হয়৷

উল্লেখ্য যে, ছামিৰৰ পিতৃৰ কিছুদিন পূৰ্বে দূৰাৰোগ্য ৰোগত মৃত্যু হৈছিল। ডিফু চন্দ্ৰ চিং টেৰণ এল পি স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছামিৰৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।