গুৱাহাটীঃ বিহাৰৰ আঢ়ৈ দশক পুৰণি নশ কোটিটকীয়া পশু খাদ্য কেলেংকাৰিয়ে সম্প্ৰতি নতুন মোৰ লৈছে। বিজেপিৰ ঘোৰ শত্ৰু ৰাষ্ট্ৰীয় জনতা দল (আৰ জে ডি)ৰ মুৰব্বী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে পুনৰ ফৌজদাৰী গোচৰ ৰুজু কৰিবলৈ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় অনুসন্ধান সংস্থা (চি বি আই)ক নিৰ্দেশ দিছে।
কিছু বছৰ পূৰ্বে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী যাদৱসহ একাংশক এই বিয়াগোম কেলেংকাৰিৰ অভিযোগৰ পৰা মুক্ত কৰে। উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই তদন্তকাৰী সংস্থাতো সৰ্ব্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ইয়াৰ ভিত্তিত আজি উচ্চতম ন্যায়ালয়ে চি বি আইক লালুৰ বিৰুদ্ধে পুনৰ গোচৰ ৰুজুৰ নিৰ্দেশ দিয়ে।
ইয়াৰ লগে লগে অসমতো প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ দ্বিতীয় আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুন্ন কুমাৰ মহন্তৰ প্ৰথম কাৰ্যকালত সংঘটিত ২০০ কোটিটকীয়া পশু খাদ্য তথা এল অ’ চি কেলেংকাৰিৰ ফাইল পুনৰ খোল খাব পাৰে নেকি বুলি চৰ্চা হৈছে। উল্লেখ্য যে এল অ’ চি কেলেংকাৰিত প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী শইকীয়াৰ পুত্ৰ তথা বৰ্তমানে কংগ্ৰেছ বিধায়িনী দলৰ নেতা আৰু বিধানসভাৰ বিৰোধী দলপতিৰূপে কাৰ্যনিৰ্বাহ কৰি থকা নাজিৰাৰ বিধায়ক দেবব্ৰত শইকীয়াৰ নাম সাঙোৰ খাইছিল।
কেলেংকাৰিটোৰ তদন্তকাৰী চি বি আয়ে ৰাজেন্দ্ৰ প্ৰসাদ বৰাসহ একাংশক গ্ৰেপ্তাৰ কৰিছিল যদিও ৰৌ-বৰালি সাৰি যোৱাৰ অভিযোগ উঠিছিল। প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তৰ দ্বিতীয়তো মুখ্যমন্ত্ৰিত্বৰ কাৰ্যকালত এল অ' চি কেলেংকাৰিৰ তদন্তই ভৰপক ৰূপ ধাৰণ কৰে। তদানীন্তন মুখ্যমন্ত্ৰী মহন্তও শীঘ্ৰে জালত পৰিব বুলি চৰ্চা হৈছিল।
কিন্তু তেতিয়াৰ ৰাজ্যপাল লেফটেনেন্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) এছ কে সিন্হাই কেলেংকাৰিটোৰ তদন্তত হস্তক্ষেপ কৰি মুখ্যমন্ত্ৰী মহন্তৰ বিৰুদ্ধে তদন্ত চলাবলৈ চি বি আইক অনুমতি নিদিলে। ৰাজ্যপালৰ ক্ষমতাৰ ওচৰত শক্তিহীন হৈ পৰে চি বি আই। তদুপৰি তদানীন্তন মুখ্যমন্ত্ৰী মহন্তক তেতিয়াৰ এজন ন্যায়াধীশেও সহযোগিতা আগবঢ়োৱাৰ অভিযোগ উঠিছিল।
অভিযোগ অনুসৰি এই ন্যায়াধীশগৰাকীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তৰ ঘৰত আয়োজিত এক সত্য নাৰায়ন পূজাৰো আমন্ত্ৰণ ৰক্ষা কৰিছিল। সম্প্ৰতি চি বি আয়ে লালু প্ৰসাদ যাদৱৰ ক্ষেত্ৰত গ্ৰহণ কৰা লেখীয়া স্থিতি অসমৰ পশু খাদ্য কেলেংকাৰিৰ ক্ষেত্ৰটো গ্ৰহণ কৰিব নেকি বুলি চৰ্চা হৈছে।