গুৱাহাটীঃ স্বাধীন ভাৰতৰ ইতিহাসত বৃহৎ কৰ সংস্কাৰ বুলি আখ্যা দি নৰেন্দ্ৰ মোদী চৰকাৰে সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি) অহা জুলাইৰ পৰা দেশজুৰি বলৱতৰ উদ্দেশ্যে প্ৰস্তুতি তুংগত তুলিছে। ইতিমধ্যে ৰাজ্যিক জি এছ টি আইন বলবতৰ উদ্দেশ্য আহ্বান জনোৱা অসম বিধানসভাৰ বিশেষ অধিৱেশনে আজি দ্বিতীয় দিনত ভৰি দিলে।কালি সদনত জি এছ টি বিধেয়ক উত্থাপন কৰা হয়।
ইয়াৰ জৰিয়তে সমগ্ৰ দেশজুৰি একধৰণৰ পৰোক্ষ কৰ আৰোপৰ লক্ষ্য লোৱা হৈছে। ৫%, ১২%, ১৮% আৰু ২৮% এই চাৰিস্তৰীয় কৰ গাঁথনি জি এছ টিত থাকিব। কিন্তু স্থানীয় প্ৰশাসন উদাহৰণস্বৰূপে পৌৰ নিগম, পৌৰসভা, নগৰ সমিতি আদিয়ে সংগ্ৰহ কৰি অহা সম্পত্তি কৰৰ বিষয়ে জি এছ টিত কোনোধৰণৰ ব্যৱস্থা নাই বুলি ব্যাপক চৰ্চা হৈছে।
জি এছ টি বলৱতৰ পাছত স্থানীয় প্ৰশাসনে সম্পত্তি কৰ সংগ্ৰহৰ অধিকাৰ হেৰুৱাৰ সম্ভাৱনা প্ৰৱল বুলি একাংশ অৰ্থনীতিবিদে মন্তব্য কৰিছে। যদি সেয়াই হয়, তেন্তে স্থানীয় প্ৰশাসনে কাম-কাজ পৰিচালনাৰ বাবে কি উৎসৰ পৰা ধন লাভ কৰিব, সেয়া লক্ষ্যণীয় দিশ হৈ পৰিছে।
লক্ষ্যণীয় যে জি এছ টিত ৰাজ্যসমূহে সংগ্ৰহ কৰি অহা ভেট/ বিক্ৰী কৰ, স্থানীয় নিকায়ে বলৱৎ কৰা আমোদ কৰক বাদ দি আন সকলো আমোদ কৰ, বিলাসিতাৰ কৰ, ল’টাৰী, বাজি, জুৱা, ৰাজ্যিক উপ-কৰ, প্ৰৱেশ কৰ আদিক সামৰি লোৱাৰ কথা প্ৰচাৰ কৰা হৈছে।
কিন্তু স্থানীয় প্ৰশাসনসমূহে সংগ্ৰহ কৰি অহা সম্পত্তি কৰ সম্পৰ্কত জি এছ টিত কোনো কথা উল্লেখ নাই বুলি একাংশ অৰ্থনীতিবিদৰ মাজত চৰ্চা হৈছে। অথচ জি এছ টিৰ জৰিয়তে সমগ্ৰ দেশতে এক ধৰণৰ কৰ বলবতৰ কথা কোৱা হৈছে। লক্ষ্যণীয় যে পৌৰ নিগম, পৌৰ সভা, নগৰ পালিকাসমূহৰ ৰাজহৰ মূল উৎস হৈছে সম্পত্তি কৰ।