চাপৰঃ ৰাজ্যত এতিয়া ৰজাঘৰীয়াৰ উন্নয়নৰ শ্ল'গান অসাৰ। চৰকাৰ নিৰ্বাচিত কৰাৰ পিচতো ৰাইজেই গাঠিৰ ধন ভাঙি নিৰ্মাণ কৰিবলগা হৈছে ৰাস্তা-ঘাট, দলং।
ধুবুৰী জিলাৰ চাপৰৰ দোগাছীপাৰাবাসীৰো একেই অৱস্থা। চাপৰ-শালকোছা উন্নয়ন খণ্ডৰ ধীৰেৰ চৰ-তাৰাংগাপুৰ গাঁও পঞ্চায়তৰ দোগাছীপাৰা অঞ্চলবাসীয়ে শুকুৰবাৰে গাঁঠিৰ ধন ভাঙি, বাঁহ আদি সংগ্ৰহ কৰি ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথত এখন বাঁহৰ দলং শ্ৰমদান কৰি সাজি উলিয়ায়।
এই পথছোৱাৰেই নিতৌ ১০ খন গাঁৱৰ প্ৰায় ৪,০০০ লোকে যাতায়াত কৰে যদিও নাছিল এখন দলং। উল্লেখ্য যে প্ৰায় দহ বছৰ পূৰ্বে প্ৰলয়ংকাৰী বানে পথছোৱা এই অংশটো উটুৱাই লৈ গৈছিল l
ইয়াৰ পিছতে ৰাইজে বাৰম্বাৰ জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষক যাতায়াত ব্যৱস্থা সুচল কৰাৰ বাবে অনুৰোধ জনাই আহিছে যদিও কোনো পক্ষই ৰাইজৰ দাবী প্ৰতি কাণসাৰ নিদিলে l
ফলত ৰাইজে আজি নিজেই নিৰ্মাণ কৰি উলিয়াই বাঁহৰ দলংখন l এই কাৰ্যৰে উন্নয়নৰ শ্ল'গানকো ৰাইজে ভেঙুচালি কৰিলে।
সম্প্ৰতি বানপানীয়ে গোটেই অঞ্চল গ্ৰাস কৰাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত অঞ্চলবাসী যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। কিন্তু জনসাধাৰণৰ দুৰ্ভোগলৈ চকু দিয়াৰ সময় নাই জনপ্ৰতিনিধিৰ।