বিশেষ প্ৰতিবেদনঃ দিন যিমানেই পাৰ হৈছে দেশত সিমানেই বৃৃদ্ধি হৈছে কৰ’না ভাইৰাছসৃষ্ট ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা। লকডাউনৰ আৰম্ভণিতে মাত্ৰ ৫০০ জন কৰ’নাক্ৰান্ত থকা ভাৰতত এতিয়া সেয়া বৃদ্ধি পাই হৈছেগৈ ১ লাখৰো অধিক। কৰ’না ভাইৰাছৰ উৎপত্তিস্থল চীনকো চেৰাই আক্ৰান্তৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে শীৰ্ষৰ ৫ খন দেশত অন্তৰ্ভুক্ত হৈছে ভাৰত।
যি সময়ত লকডাউনৰ জৰিয়তে বিশ্বৰ অধিকাংশ দেশেই কৰ’না ভাইৰাছৰ সংক্ৰমণ হ্ৰাস কৰিবলৈ সমৰ্থ হৈছে সেই সময়তে ভাৰতত লকডাউনৰ পিছত আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ পৰিছে মহামাৰী বিশেষজ্ঞসকল। কিন্তু কিয় লকডাউন সত্বেও ভাৰতত আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱাতকৈ বৃদ্ধিহে পাইছে?
ইয়াৰ উত্তৰ পোৱা গৈছে Article-14 নামৰ গৱেষণা আৰু পৰিসংখ্যামূলক বা-বাতৰি প্ৰকাশ কৰি অহা নিউজ ৱেবছাইটৰ এলানি অনুসন্ধানমূলক প্ৰতিবেদনত। এই অনুসন্ধানমূলক প্ৰতিবেদনত কৰ’না বিষয়ক চৰকাৰৰ বহু আভ্যন্তৰীণ তথ্যৰ উধৃতিৰে উদঙাই দিয়া হৈছে মহামাৰীবিধৰ বিৰুদ্ধে যুঁজ দিবলৈ চৰকাৰে গ্ৰহণ কৰা সোপাঢিলা নীতিসমূহক। লগতে প্ৰকাশ পাইছে চৰকাৰৰ নীতিক লৈ ক্ষুন্ন বিশেষজ্ঞসকলৰ মতামত।
আশ্চৰ্যজনকভাৱে চৰকাৰৰ নীতিক লৈ অসন্তুষ্টি প্ৰকাশ কৰা বিশেষজ্ঞসকলৰ অধিকাংশই হৈছে চৰকাৰে গঠন কৰি দিয়া টাস্ক ফৰ্চৰেই সদস্য। এই টাস্ক ফ’ৰ্চৰ কেবাগৰাকী সদস্যই কৰ’না মহামাৰীৰ বিৰুদ্ধে কেন্দ্ৰ চৰকাৰে গ্ৰহণ কৰা লকডাউন, টেষ্টিং, কোৱাৰেণ্টাইন, ৰেড জ’ন-গ্ৰীণ জ’ন ঘোষণা, ডাটাবেছ প্ৰস্তুতকে আদি কৰি একাধিক পদক্ষেপক লৈ অসন্তুষ্টি প্ৰকাশ কৰাটোৱেই স্পষ্ট কৰি তোলে চৰকাৰৰ ব্যৰ্থতা।
সঠিক পৰিকল্পনা অবিহনেই ঘোষণা কৰিছিল লকডাউন
২৪ মাৰ্চৰ নিশা ৮ বজাত দেশবাসীক মাত্ৰ ৪ ঘণ্টা সময় প্ৰদান কৰি ঘোষণা কৰা ২১ দিনীয়া লকডাউনক লৈ মুঠেই সন্তুষ্ট নহয় মহামাৰী বিশেষজ্ঞ আৰু বিজ্ঞানীসকল। লকডাউন ঘোষণা কৰাৰ পূৰ্বেই চৰকাৰে গঠন কৰি দিয়া বিশেষজ্ঞ কমিটিৰ বিশেষজ্ঞসকলে গৱেষণা পত্ৰ আৰু প্ৰেজেণ্টেশ্যনৰ জৰিয়তে জনাইছিল যে কৰ’না ৰোধ কৰিবলৈ কেৱল লকডাউনেই একমাত্ৰ সমাধান নহয়। লকডাউনৰ সমান্তৰালভাৱে বিশেষজ্ঞসকলে টেষ্টিং, পৰ্যবেক্ষণ আৰু কোৱাৰেণ্টাইন ব্যৱস্থা অধিক শক্তিশালী কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল চৰকাৰক।
নিটি আয়োগৰ সদস্য বিনোদ কে পলে ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিছাৰ্চ চমুকৈ আইচিএমআৰৰ গৱেষকসকলৰ গৱেষণা পত্ৰ আৰু পৰামৰ্শৰ ওপৰত ভিত্তি কৰি চৰকাৰৰ আগত এক প্ৰেজেণ্টেশ্যন দাঙি ধৰিছিল। এই প্ৰেজেণ্টেশ্যনত লকডাউনৰ সময়ছোৱাত চৰকাৰক কেবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে পলে।
এই পদক্ষেপসমূহৰ ভিতৰত আছে প্ৰভাৱান্বিত অঞ্চলসমূহত ঘৰে ঘৰে গৈ স্ক্ৰিনিঙৰ ব্যৱস্থা কৰা আৰু লক্ষণ দেখা পোৱা হোৱাসকলক অধিক মাত্ৰাত কোৱাৰেণ্টাইন কৰা। প্ৰেজেণ্টেশ্যনৰ সময়ত প’লে স্পষ্টকৈ কৈছে যে 'এই পদক্ষেপসমূহৰ বাবে প্ৰস্তুতি সম্পন্ন কৰি তোলাৰ পিছতহে লকডাউন ঘোষণা কৰাতো সাৰ্থক হৈ পৰিব’। প’লৰ প্ৰেজেণ্টেশ্যনত জ্বৰ আৰু কাঁহত ভুগি থকা দেশৰ অসংখ্যা লোকক স্ক্ৰীণিং কৰিবৰ বাবে চৰকাৰক কেবাটাও বিষয়ত নিশ্চিত হৈ ল’বলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে। চৰকাৰে নিশ্চিত কৰিবলগীয়া এই বিষয়সমূহ হৈছেঃ
• দৰিদ্ৰ লোকসকলক ঘৰে ঘৰে খাদ্য আৰু অত্যাৱশ্যাকীয় সামগ্ৰী যোগান ধৰা।
• প্ৰতিখন জিলাতে ক’ভিড-১৯ৰ পৰীক্ষাৰ ব্যৱস্থা কৰা আৰু সংক্ৰমণৰ হাৰ পৰ্যবেক্ষণ কৰা।
• সংক্ৰমিত লোকসকলক চিহ্নিত কৰিবৰ বাবে পৰীক্ষণকে আদি কৰি সকলো ব্যৱস্থা খৰতকীয়া কৰি তোলা।
• অধিক জনসংখ্যাৰ ঘনত্ব থকা অঞ্চলসমূহ যেনে বস্তি অঞ্চল আদিত কেন্দ্ৰীয়ভাৱে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা।
• সংক্ৰমণ অধিক হোৱা সময়ছোৱাত আইচিইউ আৰু চিকিৎসালয়ৰ বিছনাৰ সংখ্যা বৃদ্ধি কৰা।
কিন্তু এনেধৰণৰ কোনো ব্যৱস্থাই চৰকাৰে গ্ৰহণ নকৰিলে। আনকি বিভিন্ন ৰাজ্যত বিশেষজ্ঞসকলে সকীয়াই দিয়া ধৰণে কোৱাৰেণ্টাইনৰ ব্যৱস্থাও সম্পূৰ্ণৰূপে কৰা পৰিলক্ষিত নহ’ল। বিশেষজ্ঞসকলৰ পৰামৰ্শক গুৰুত্ব প্ৰদান নকৰি কেৱল পৰ্যায়ক্ৰমে লকডাউন বৃদ্ধি কৰি গৈ থকাটোকেই চৰকাৰে নিজৰ দায়িত্ব হিচাপে ধৰি লোৱাৰ পৰিপ্ৰেক্ষিততে মণিপুৰ, নাগালেণ্ডকে আদি কৰি কেবাখনো ৰাজ্যত বাঁহ-বেত, প্লাষ্টিক আৰু বস্তাৰে স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰত অস্বাস্থ্যকৰ পৰিৱেশত থাকিবলৈ বাধ্য হৈ পৰিছে বহু লোক।
একেদৰে অসমতো আৰম্ভণিৰে পৰা স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ইখনৰ পিছত সিখন জিলা তৎপৰতাৰে ভ্ৰমণ কৰি ঘূৰি ফুৰা সত্বেও ৰাজ্যখনত কোৱাৰেণ্টাইন চেণ্টাৰৰ অভাৱ ঘটা পৰিলক্ষিত হৈছে। ৰাজ্যখনত এগৰাকীও কৰ’নাত আক্ৰান্ত লোক ধৰা নপৰা সময়ত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কোৱাৰেণ্টাইন চেণ্টাৰৰ কোনো অভাৱ নঘটে বুলি দাবী কৰিছিল যদিও যোৱা ১৮ মে’ৰ এখন সংবাদমেলত বহিঃৰাজ্যৰ পৰা আহিব বিচৰা সকলো লোককে কোৱাৰেণ্টাইন চেণ্টাৰত উপযুক্ত সা-সুবিধা প্ৰদান কৰিবলৈ চৰকাৰ সমৰ্থ নহয় বাবে সম্ভৱ হ’লে এতিয়া অসমলৈ নাহিবলৈকে অনুৰোধ জনায়।
লকডাউনে দৰিদ্ৰ শ্ৰেণীৰ মাজত সংক্ৰমণ বৃদ্ধি কৰিছে নেকি?
মাত্ৰ ৪ ঘণ্টা সময় দি লকডাউন ঘোষণা কৰাৰ পিছতে বিশেষজ্ঞসকলে চৰকাৰক সকীয়াই দিছিল যে এনে অপৰিকল্পিত লকডাউনৰ ফলত আটাইতকৈ ক্ষতিগ্ৰস্ত হ’ব দৰিদ্ৰ শ্ৰেণীৰ লোকসকল। দিন যোৱাৰ লগে লগে বিশেষজ্ঞসকলৰ সেই সকীয়নি ক্ৰমাৎ সত্য হৈ পৰিছে। লকডাউনৰ ফলত প্ৰবাসী শ্ৰমিকসকলে যমৰ যাতনা ভুগিবলগীয়া হোৱাৰ লগতে কৰ’না ভাইৰাছো এতিয়া তেওঁলোকৰ ওপৰত জপিয়াই পৰা দেখা গৈছে।
ফেব্ৰুৱাৰী মাহত কৰ’নাক লৈ চলোৱা প্ৰাৰম্ভিক গৱেষণাত জড়িত এগৰাকী বিজ্ঞানীয়ে স্পষ্টকৈ কৈছিল যে লকডাউনে ভাৰতৰ দৰে দেশত কেৱল ধনী আৰু মধ্যবিত্ত লোকসকলকহে কৰ’নাৰ সংক্ৰমণৰ পৰা বচাই ৰাখিব পাৰিব, দৰিদ্ৰসকলক নোৱাৰে। 'দুখীয়া লোকসকলৰ ক্ষেত্ৰত ঘৰে ঘৰে গৈ পৰীক্ষাৰ ব্যৱস্থা নকৰিলে আৰু লক্ষণ দেখাসকলক যিমান সম্ভৱ সিমান তৎপৰতাৰে কোৱাৰেণ্টাইন নকৰিলে লকডাউনে আন্তঃসমুদায়ৰ মাজত ভাইৰাছবিধ বিয়পি পৰাতহে অধিক সহায় কৰিব।’-Article-14ৰ সৈতে হোৱা বাৰ্তালাপত এইদৰে কৈছিল বিজ্ঞানীগৰাকীয়ে।
তেওঁ আৰু কৈছিল, 'দৰিদ্ৰ লোকসকলে তেনেই সৰু সৰু ঘৰত বাস কৰে আৰু তেওঁলোকৰ বাথৰুম, পানী সংগ্ৰহ কৰা স্থান আদি উমৈহতীয়া হয়। লকডাউনৰ ফলত এইসকল লোকে একেৰাহে কেবাদিনো তেনেই কম পৰিসৰতে একেলগে সমূহীয়াভাৱে থাকিবলৈ বাধ্য হৈ পৰিছে। কল্পনা কৰকচোন, এজন কৰ’না পজিটিভ লোকে যদি আন ১০০ জন লোকৰ সৈতে ৰাজহুৱা টয়লেট ব্যৱহাৰ কৰে, তেন্তে প্ৰতিদিনে কিমান লোকলৈ কৰ’না বিয়পি পৰিব তাৰ কোনো নিশ্চয়তা নাথাকিব।’
বাস্তৱতো এতিয়া বিজ্ঞানীসকলে আংশকা কৰা ধৰণেই লকডাউনৰ সময়ছোৱাত দেশৰ ভিন্ন প্ৰান্তত দৰিদ্ৰ লোকসকলৰ মাজত কৰ’নাৰ সংক্ৰমণ ভয়াৱহ হৈ পৰা দেখা গৈছে। অসমতো ফাঁচীবজাৰত হোৱা সংক্ৰমণৰ লানিৰ পৰা সেয়া সহজেই অনুমান কৰিব পৰা যায়। এনেদৰেই এতিয়া চৰকাৰে বিজ্ঞানী আৰু বিশেষজ্ঞসকলৰ পৰামৰ্শক আওকাণ কৰি অপৰিকল্পিতভাৱে ঘোষণা কৰা লকডাউনৰ ফল ভুগিবলগীয়াত পৰিছে ১৩০ কোটি ভাৰতীয়ই।
লকডাউন শিথিল কৰাৰ সময়তো বিশেষজ্ঞৰ পৰামৰ্শক আওকাণ
লকডাউন ঘোষণা কৰাৰ সময়তেই যে চৰকাৰে বিশেষজ্ঞসকলৰ পৰামৰ্শক আওকাণ কৰিছে তেনে নহয়। লকডাউন শিথিল কৰাৰ সময়তো বিশেষজ্ঞসকলৰ পৰামৰ্শক চৰকাৰে সম্পূৰ্ণৰূপে অৱজ্ঞা কৰা দেখা গৈছে। লকডাউন পৰ্যায়ক্ৰমে প্ৰত্যাহাৰৰ বাবে জিলাসমূহক ৰেড, অৰেঞ্জ আৰু গ্ৰীণ জ’ন হিচাপে চিহ্নিত কৰিবলৈ যিসমূহ কাৰকৰ ওপৰত গুৰুত্ব দিছিল সেই কাৰকসমূহ পৰ্যাপ্ত নহয় বুলি স্পষ্টকৈ কৈছিল বিশেষজ্ঞসকলে।
পৰ্যাপ্ত পৰীক্ষা অবিহনে নতুন কোনো ঘটনা পোহৰলৈ নাহিলেই এখন জিলাক গ্ৰীণ জ’ন হিচাপে কৰা ঘোষণাক হাস্যকৰো আখ্যা দিছিল আইচিএমআৰৰে কেবাগৰাকী বিশেষজ্ঞই। কিন্তু চৰকাৰে সেইবোৰলৈ গুৰুত্ব নিদি তেনেকৈয়ে জিলাসমূহক ৰেড, অৰেঞ্জ আৰু গ্ৰীণ জ’ন হিচাপে ঘোষণা কৰে। ফলত টেষ্টিঙৰ হাৰ বৃদ্ধি পোৱাৰ লগে লগে বহু গ্ৰীণ জ’ন ঘোষিত জিলাক পুনৰ ৰেড জ’ন হিচাপে ঘোষণা কৰিবলৈ বাধ্য হৈ পৰে কেন্দ্ৰ চৰকাৰ।
বিশেষজ্ঞসকলে নতুন কোনো কাৰ্যকৰী বিজ্ঞানসন্মত পদক্ষেপ গ্ৰহণ নকৰাকৈ লকডাউন প্ৰত্যাহাৰ কৰাৰ ফলত দেশে আন এক ভয়াৱহ সংকটৰ সন্মুখীন হ’ব লাগিব বুলিও স্পষ্টকৈ জনাইছিল চৰকাৰক। অধিকাংশ বিশেষজ্ঞই চৰকাৰক টেষ্টিং, পৰ্যবেক্ষণ আৰু কোৱাৰেণ্টাইনৰ ওপৰত গুৰুত্ব দিবলৈ বাৰম্বাৰ পৰামৰ্শ আগবঢ়াই আহিছে যদিও একাধিক অজুহাত দেখুৱাই তেনে পৰামৰ্শক সম্পূৰ্ণৰূপে উলাই কৰা দেখা গৈছে। আনকি যি ডাটাবেছ প্ৰস্তুত কৰিছে সেয়াও অসম্পূৰ্ণ আৰু ভুল তথ্যৰে ভৰপূৰ বুলিও অভিযোগ উত্থাপিত হৈছে।
কৰ’না ৰোগীৰ তথ্য সংগ্ৰহত বিসংগতি
আইচিএমআৰ আৰু এনচিডিচি। আইচিএমআৰ হৈছে ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিছাৰ্চৰ সংক্ষিপ্ত ৰূপ আৰু এনচিডিচি হৈছে নেশ্যনেল চেণ্টাৰ ফৰ ডিজিছ কণ্ট্ৰ’লৰ সংক্ষিপ্ত ৰূপ। দুয়োটা সংস্থাৰ কৰ’না ৰোগীৰ ডাটাবেছত দেখা গৈছে আকাশ-পাতাল প্ৰভেদ। ২৯ এপ্ৰিলৰ দুয়োটা সংস্থাৰ ডাটাবেছত মাত্ৰ ৫খন ৰাজ্যৰ বাদে বাকী সকলো ৰাজ্যৰ কৰ’না ৰোগীৰ পৰিসংখ্যাৰ তথ্যৰ মাজত কোনোধৰণৰ মিল দেখা পোৱা হোৱা নাছিল। কৰ’না ৰোগীৰ তথ্য সংগ্ৰহত যে যথেষ্ট ক্ৰুটি ৰৈ গৈছিল সেয়া এই পাৰ্থক্যই স্পষ্ট কৰি তোলে।
উল্লেখ্য যে আইচিএমআৰে জানুৱাৰীত ক’ভিড-১৯ তীব্ৰ হ’বলৈ ধৰাৰ পিছতহে পৰ্যবেক্ষণ আৰম্ভ কৰে। ইয়াৰ পূৰ্বে স্বাস্থ্য মন্ত্ৰণালয়ৰ আন এটা শাখা এনচিডিচিয়ে the Integrated Disease Surveillance Programme চমুকৈ আইডিএছপিৰ জৰিয়তে মহামাৰী সদৃশ ৰোগৰ ডাটাবেছ প্ৰস্তুত কৰাৰ সৈতে জড়িত আছিল। আইডিএছপিয়ে সাধাৰণতে ৰাজ্য চৰকাৰসমূহৰ স্বাস্থ্য বিভাগৰ কৰ্মীসকলৰ জৰিয়তে লাভ কৰা তৃণমূল পৰ্যায়ৰ তথ্যৰ জৰিয়তে ডাটাবেছ প্ৰস্তুত কৰে।
আনহাতে আইচিএমআৰে কৰ’না ৰোগীৰ ডাটাবেছ প্ৰস্তুত কৰিবলৈ পোনপটীয়াকৈ ব্যৱহাৰ কৰিছে লেবৰেটৰীৰ ডাটা। ফলত আইচিএমআৰৰ ডাটাবেছত এজন লোককে যদি লেবত কেবাবাৰো পৰীক্ষা কৰা হৈছে তেতিয়া সেয়া কেবাজনো লোক হিচাপে দেখুওৱা হৈছে। লগতে লেবৰ কৰ্মচাৰীসকলে লৰা-ঢপৰাৰ বাবে পৰীক্ষা কৰা লোকসকলৰ নাম-ঠিকনা ভালকৈ সংগ্ৰহ নকৰাত সেয়াও বহুসময়ত ভুলকৈয়ে আইচিএমআৰৰ ডাটাবেছত অন্তৰ্ভুক্ত হৈছে।
এনে ভুল আৰু এনচিডিচিৰ ডাটাবেছৰ সৈতে দেখা দিয়া পাৰ্থক্যৰ বাবে আইচিএমআৰে যোৱা ২৯ এপ্ৰিলত ৰাজ্যসমূহক ৩৩,০১৪ টা ঘটনাৰ তথ্যৰ বিভ্ৰান্তি আৰু অন্যান্য বিসংগতি মাত্ৰ ৩ দিনৰ ভিতৰত আতৰাবলৈ নিৰ্দেশ দিছিল। বহুসময়ত দেখা গৈছে যে লেবত অধিকাংশ লোকেই প্ৰেজেণ্ট এড্ৰেছৰ পৰিৱৰ্তে পাৰ্মানেণ্ট এড্ৰেছ প্ৰদান কৰিছে। ফলত লোকজন যিখন জিলাত বৰ্তমান আছে সেইখন জিলাৰ পৰিৱৰ্তে আন এখন জিলা ডাটাবেছত অন্তৰ্ভুক্ত হৈ পৰিছে। তাৎপৰ্যপূৰ্ণ যে এনেধৰণৰ ভুল ডাটাবেছৰ জৰিয়তেই কেন্দ্ৰ চৰকাৰে জিলাসমূহক ৰেড, গ্ৰীণ, অৰেঞ্জ জ’নত ভাগ কৰাৰ লগতে আন বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে।
১০ লাখ কৰ’না টেষ্টৰ অৰ্থ কি?
কেন্দ্ৰ চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ে যোৱা ২ মে’ত জনাইছিল যে দেশত ১০ লাখৰো অধিক কৰ’না টেষ্ট সম্পন্ন কৰা হৈছে। বহুতেই চৰকাৰৰ এই ঘোষণাৰ বিষয়ে জানিব পাৰি সন্তুষ্টি ব্যক্ত কৰাৰ সময়তে বিশেষজ্ঞসকলে স্পষ্ট কৰি দিছে যে ১০ লাখ কৰ’না টেষ্টৰ অৰ্থ ১০ লাখ লোকৰ কৰ’না টেষ্ট কৰা নহয়।
পাব্লিক হেলথ ফাউণ্ডেশ্যন অব ইণ্ডিয়াৰ সভাপতি তথা ক’ভিড-১৯ৰ বাবে চৰকাৰে গঠন কৰি দিয়া টাস্ক ফৰ্চৰ সদস্য কে শ্ৰীনাথ ৰেড্ডিয়ে এক সংবাদ মাধ্যমক জনোৱা মতে এই ১০ লাখ কৰ’না টেষ্ট হৈছে ভাৰতত ২ মে’লৈকে কৰা হোৱা মুঠ টেষ্টৰহে হিচাপ। অৰ্থাৎ এই পৰিসংখ্যাত এজন লোকক কৰা একাধিকবাৰৰ টেষ্টৰ হিচাপ সোমাই আছে।
উল্লেখ্য যে, কৰ’না ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হোৱা লোকসকল সুস্থ হৈ উঠিছে নে নাই সেয়া নিশ্চিত কৰিবলৈ এজন ৰোগীক সাধাৰণতে দুবাৰকৈ টেষ্ট কৰা হয় আৰু বহুসময়ত ৫ বাৰ পৰ্যন্ত টেষ্ট কৰিবলগীয়াতো পৰে চিকিৎসক। ইয়াৰ পৰা সহজেই স্পষ্ট হৈ পৰে যে বিশেষজ্ঞসকলে কোৱা ধৰণে ভাৰতত চৰকাৰে এতিয়াও পৰ্যাপ্ত টেষ্টৰ ব্যৱস্থা কৰিব পৰা নাই। আনকি ১০ লাখ কৰ’না টেষ্ট সম্পন্ন কৰাৰ কথা ক’লেও প্ৰকৃততে সেয়া এজন লোককে কৰা একাধিকবাৰৰ টেষ্টৰহে হিচাপ।
লকডাউন সফল হোৱা দেশসমূহ আৰু ভাৰত
পৰিকল্পিত লকডাউন ব্যৱস্থাৰে কৰ’নাক নিয়ন্ত্ৰণ কৰিবলৈ সমৰ্থ হৈছে বিশ্বৰ কেবাখনো দেশ। লকডাউনৰ জৰিয়তে কৰ’নাক নিয়ন্ত্ৰণ কৰা দেশসমূহৰ অন্যতম হৈছে চীন, ইটালী, স্পেইন, নিউজিলেণ্ড, দক্ষিণ কোৰিয়া আদি। এই আটাইসমূহ দেশতে লকডাউনৰ ফলত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা দিনে দিনে নিম্নগামী হৈ পৰে।
ইটালীত এটা সময়ত এদিনতে ৬০০০ লোকৰ দেহত পজিটিভ পোৱা গৈছিল যদিও লকডাউনৰ ফলত এতিয়া মাত্ৰ ৪০০ বা ৫০০ জনহে কৰ’না ৰোগী পোৱা গৈছে। একেদৰে ইংলেণ্ড, স্পেইন আদি দেশতো এদিনতে ৪০০০-৫০০০ আক্ৰান্তৰ পৰা অৱনমিত হৈ সেয়া মাত্ৰ ৫০০-১০০০ হৈছেগৈ। কিন্তু ভাৰতত এবাৰ এবাৰকৈ এতিয়ালৈকে মুঠ ৩ বাৰ লকডাউন বৃদ্ধি কৰা সত্বেও কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা দিনে দিনে উৰ্ধগামীহে হ’বলৈ লৈছে।
আজিৰ পৰা প্ৰায় ১০-১২ দিন আগলৈকে ভাৰতত এদিনত মাত্ৰ ১০০০-১৫০০ লোক আক্ৰান্ত হৈছিল যদিও সেই সংখ্যা লাহে লাহে বৃদ্ধি হৈ সম্প্ৰতি ৫০০০ৰ ঘৰ স্পৰ্শ কৰিছে। এনেদৰে প্ৰায় ৩ মাহ লকডাউন অব্যাহত থকা সত্বেও কৰ’নাত আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱাতকৈ সেয়া ১ লাখলৈ বৃদ্ধি পোৱাটোৱেই স্পষ্ট কৰি তুলিছে যে বিশেষজ্ঞসকলৰ পৰামৰ্শক অৱজ্ঞা কৰি সঠিক পৰিকল্পনা অবিহনে চীনৰ আৰ্হিত লকডাউন ঘোষণা কৰা বাবেই এয়া হ’বলৈ পাইছে।
উল্লেখ্য যে, ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে গৱেষণাৰ অন্তত বিশেষজ্ঞসকলে চৰকাৰক স্পষ্ট কৰি দিছিল যে চীনৰ আৰ্হিত ভাৰতত লকডাউন ঘোষণা কৰিবলৈ গ’লে কৰ’নাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ পৰিৱৰ্তে বৃদ্ধিহে পাব। বিশেষজ্ঞসকলে চীন আৰু ভাৰতৰ আৰ্থিক আৰু সামাজিক ব্যৱস্থাৰ মাজত থকা পাৰ্থক্যসমূহৰ বিষয়েও চৰকাৰক অৱগত কৰাইছিল।
কিন্তু তেনে পৰামৰ্শক একাষৰীয়াকৈ থৈ মাত্ৰ ৪ ঘণ্টাৰ সময় দি লকডাউন ঘোষণা কৰাৰ ফলত ধনীক আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ সক্ষম হয় যদিও কোটি কোটি দৰিদ্ৰ লোকৰ বাবে সেয়া মূৰত আকাশ খহি পৰাৰ দৰে হৈ পৰে। অৱশেষত বিশেষজ্ঞসকলৰ মন্তব্যক সত্য প্ৰমাণিত কৰি এতিয়া ভাৰতত লকডাউন সত্বেও দিনে দিনে কৰ’নাৰ সংক্ৰমণ কম হোৱাৰ পৰিৱৰ্তে বৃদ্ধিহে পাবলৈ লৈছে। একেদৰে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ভুল নীতিৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰতো কৰ'নাই ভয়াৱহ ৰূপ লোৱা বুলি মন্তব্য কৰিছে দেশখনৰ বিশেষজ্ঞসকলে।