newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ ৪টা লোকসভা সমষ্টি আৰু ১০ টা বিধানসভা সমষ্টিত বৃহস্পতিবাৰে উপ-নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হয়৷ নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হোৱাৰ পিছতে নিৰ্বাচনী প্ৰাৰ্থীসকলৰ মাজত জয়-পৰাজয়ক লৈ চিন্তাৰ ছাঁ পৰা পৰিলক্ষিত হয়৷

বিভিন্ন প্ৰাৰ্থীয়ে নিজৰ পৰাজয়ৰ কথা স্বীকাৰ নকৰি নিৰ্বাচনী ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰি বিৰোধীয়ে যড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ উত্থাপন কৰা দেখা যায়৷ 

পাঞ্জাৱৰ অন্যতম সমষ্টি শ্বাহকোট সমষ্টিত উপ নিৰ্বাচনৰ একাদশ পৰ্যায়ৰ ভোট গণনাৰ অন্তত অকালী দলৰ প্ৰাৰ্থীতকৈ কংগ্ৰেছে ২৭০৪৯ ভোটত অগ্ৰগতি লাভ কৰাত সুনিশ্চিত জয়লাভলৈ আগবাঢ়ি আছে কংগ্ৰেছ৷

ইয়াৰ পিছতে নিজৰ পৰাজয়ৰ বাবে অকালী দলৰ প্ৰাৰ্থী নয়াব সিং কোহাৰে অভিযোগ উত্থাপন কৰি কয় যে ইভিএম মেচিনত খেলিমেলি সংঘটিত কৰি বিৰোধীয়ে তেওঁক পৰাস্ত কৰিবলৈ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ উত্থাপন কৰে।

অকালী দলৰ প্ৰাৰ্থীৰ এই মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কংগ্ৰেছ প্ৰাৰ্থীয়ে কয় যে নিৰ্বাচনত ইভিএম মেচিনত খেলিমেলি নাই৷ জনতাই তেওঁক ভোট দিছে বাবেই তেওঁ জয় লাভ কৰিব বুলিও কংগ্ৰেছ প্ৰাৰ্থীয়ে দাবী কৰে৷ 

আনফালে মহাৰাষ্ট্ৰৰ পালঘৰ সমষ্টিত বিজেপি প্ৰাৰ্থীয়ে আগবাঢ়ি থকাত প্ৰতিদ্বন্দ্বী শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটে বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ ইভিএম মেচিনত বিজেপিয়ে খেলি মেলি সৃষ্টি কৰা বুলি অভিযোগ উত্থাপন কৰি ৰাউটে কয় যে ভোট গ্ৰহণৰ প্ৰাক মুহূৰ্তত ভোটাৰ তালিকাৰ পৰা ৫০-৬০ হাজাৰ ভোটাৰৰ নাম একেলগে অন্তৰ্ধান হোৱাৰ বাবেই প্ৰশ্ন উত্থাপন কৰে শিৱসেনাই৷ 

ইফালে শাসকীয় বিজেপিৰ চক্ৰান্তত ভোট গ্ৰহণৰ ১২ ঘন্টাৰ ভিতৰত নিৰ্বাচন আয়োগে ভোটদানৰ শতকাৰা হাৰ কমাই দিয়া বুলিও অভিযোগ কৰে সঞ্জয় ৰাউটে৷